বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 08th, 12:30 pm

এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।

লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান

December 08th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

December 01st, 11:15 am

সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

December 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”

চৰকাৰী কাৰ্যসূচীৰ সময়চোৱাত লাভ কৰা উপহাৰৰ অনলাইন নিলামত অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

September 24th, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা কাম-কাজৰ সময়চোৱাত লাভ কৰা উপহাৰৰ বিশেষ সংগ্ৰহৰ এক অনলাইন নিলাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই উপাৰ্জনে গংগা নদীৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰণৰ বাবে গৃহীত নমামি গংগে শীৰ্ষক দেশৰ ধ্বজাবাহী কাৰ্যসূচীত অৰিহণা যোগাব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে নাগৰিকসকলক নিলামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

September 13th, 08:57 pm

মই ভূপেন দা বুলি ক’ম! আপোনালোকে অমৰ হওঁক, অমৰ হওঁক বুলি ক’ব! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভ্ৰাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভগ্নী কবিতা বৰুৱা ডাঙৰীয়াণী, ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা ডাঙৰীয়া, মই তেজক ক'ম, কেম চো! মোৰ সন্মুখত উপস্থিত থকা আন-আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অসমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে

September 13th, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যে ইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহ তথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিত হৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱা হাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে। ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 11th, 12:30 pm

আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।

ভিডিঅ’ কনফাৰেন্সিংযোগে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 02nd, 01:00 pm

বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহাজী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ লাখ লাখ বিহাৰৰ ভগ্নী সকল, আপোনালোক সকলোকে প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে

September 02nd, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ মঙলবাৰে এক অতিশয় আশাব্যঞ্জক পদক্ষেপ আৰম্ভ হৈছে। তেখেতে কয় যে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ জৰিয়তে বিহাৰৰ মাতৃ-ভগ্নীসকলক এক নতুন সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে গাঁৱে-ভূঞে জীৱিকাৰ সৈতে জড়িত মহিলাসকলক অধিক সহজে আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম কৰি তুলিব, ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কাম আৰু ব্যৱসায়ক আগুৱাই নিয়াত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। জীৱিকা নিধি ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হোৱাত তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে এতিয়া সকলো কাম ম’বাইল ফোনযোগেই কৰিব পৰা যাব। তেখেতে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ শুভাৰম্ভণি উপলক্ষে বিহাৰৰ মাতৃ-ভগ্নীসকলক অভিনন্দন জনোৱাৰ লগতে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক প্ৰশংসা কৰে।

২২ আগষ্টত প্ৰধানমন্ত্ৰীৰ বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ

August 20th, 03:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ বিহাৰৰ গয়াত প্ৰায় ১১ বজাত প্ৰায় ১৩, ০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন ৰে'লৰো যাত্ৰা আনুষ্ঠানিকভাবে মুকলি কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। তাৰ পাছত তেওঁ গংগা নদীৰ অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব।

উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 11:30 am

নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে

August 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।

তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

July 27th, 12:30 pm

চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে

July 27th, 12:25 pm

আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।

মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 18th, 01:05 pm

প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে

March 18th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

উত্তৰাখণ্ডৰ হাৰ্চিলত শীতকালীন পৰ্যটন কাৰ্যসূচীক সম্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 02:07 pm

কৰ্মঠ মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় ​​তামতা জী, ৰাজ্যিক মন্ত্ৰী সতপাল মহাৰাজ জী, মোৰ সতীৰ্থ সংসদ সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভাট জী, সংসদত মোৰ সহযোগী মালাৰাজ্য লক্ষ্মী জী, বিধায়ক সুৰেশ চৌহান জী, লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, অতিথি আৰু মোৰ ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।।