ছেমিকন ২.০ত কেবিনেটৰ অনুমোদন-ভাৰতত ছেমিকণ্ডাক্টৰসমূহক দীৰ্ঘম্যাদী নীতিগত সমৰ্থনৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ
July 15th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ছেমিকণ্ডাক্টৰ শৈলী প্ৰস্তুত আৰু উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে মুঠ বাজেট ব্যয় হৈছে ১,২৭,৫০০ কোটি টকা সাপেক্ষ ছেমিকন ২.০ ত অনুমোদন জনাইছে।মোবাইল ফোন নিৰ্মাণ আঁচনি (এম পি এম এছ)-ত কেবিনেটৰ অনুমোদন
July 15th, 04:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মোবাইল ফোন নিৰ্মাণ আঁচনি (এম পি এম এছ)-ত অনুমোদন জনাইছে, যাৰ বাবে বাজেটত ব্যয় হ’ব ১ কোটি টকা (কেৱল ৬২হাজাৰ ৫০০ কোটি টকা)।কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত-জাপানৰ যুটীয়া বিবৃতি
July 02nd, 10:14 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে এক যুগৰ প্ৰয়োজনীয় প্ৰযুক্তি, যিয়ে অৰ্থনীতি, সমাজ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ আৰু ব্যৱসায়, শাসন, আৰু নিৰাপত্তাৰ পৰিৱৰ্তন ঘটাইছে। তেওঁলোকে স্বীকাৰ কৰে যে আজি এআইৰ ডিজাইন, বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত কৰা পছন্দসমূহে উদ্ভাৱন, সমাজ কল্যাণ, অৰ্থনৈতিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। এই বুজাবুজিৰ ভিত্তিত তেওঁলোকে এআইৰ ক্ষেত্ৰত দুয়োখন দেশৰ স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা পাৰস্পৰিকভাৱে বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশতে উদ্ভাৱন তথা বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ সহমত প্ৰকাশ কৰে, যাতে এক নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, সৰ্বাংগীন, মানৱকেন্দ্ৰিক, বহনক্ষম, জবাবদিহি, আৰু উদ্ভাৱনমুখী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো সম্ভৱ হয়।ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 27th, 11:01 am
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 27th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।২২৭৭.৩৯৭ কোটি টকা ব্যয় সাপেক্ষে ডিএচআইৰ আঁচনি 'ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন' লৈ কেবিনেটৰ অনুমোদন
September 24th, 05:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পঞ্চদশ বিত্ত আয়োগ ২০২১-২২ ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাত মুঠ ব্যয় ২২৭৭.৩৯৭ কোটি টকা ব্যয়সাপেক্ষ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (ডিএছআইআৰ)ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা/ঔদ্যোগিক গৱেষণা পৰিষদৰ আঁচনি “ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন”ত অনুমোদন জনাইছে।ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি
September 04th, 08:04 pm
ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতিছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 04th, 12:45 pm
কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23rd, 10:10 pm
In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 23rd, 05:43 pm
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
April 29th, 11:01 am
আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 29th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।Eastern India is a growth engine in the development of the country, Odisha plays a key role in this: PM
January 28th, 11:30 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.PM Modi inaugurates the 'Utkarsh Odisha' - Make in Odisha Conclave 2025 in Bhubaneswar
January 28th, 11:00 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.Cabinet approves continuation of the Atal Innovation Mission
November 25th, 08:45 pm
The Union Cabinet chaired by PM Modi approved the continuation of its flagship initiative, the Atal Innovation Mission (AIM), under the aegis of NITI Aayog, with an enhanced scope of work and an allocated budget of Rs.2,750 crore for the period till March 31, 2028. AIM 2.0 is a step towards Viksit Bharat that aims to expand, strengthen and deepen India’s already vibrant innovation and entrepreneurship ecosystem.ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 05:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এয়া প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।ফলাফলৰ তালিকা: সপ্তম আন্তঃচৰকাৰী আলোচনাৰ বাবে জাৰ্মান চেন্সেলৰৰ ভাৰত ভ্ৰমণ
October 25th, 04:50 pm
অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায় চুক্তি (এমএলএটি)এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।