গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 19th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰী, ২০২৬ত এআই ইম্পেক্ট সন্মিলন উপলক্ষে গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটছ'টাকিছৰ সৈতে বৈছকত মিলিত হয়। গ্ৰীচৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮-১৯ ফেব্ৰুৱাৰী, ২০২৬ত নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এআই ইম্পেক্ট সন্মিলন ২০২৬ত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী মিটছ'টাকিছৰ সৈতে ডিজিটেল প্ৰশাসন মন্ত্ৰী শ্ৰী ডিমিত্ৰিওছ পাপাষ্টাৰ্জিঅ’ আৰু জ্যেষ্ঠ বিষয়াসকলৰ এটা প্ৰতিনিধি দল উপস্থিত থাকে।এআই ইমপেক্ট ছামিটৰ সময়তে ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী পেট্টেৰী অৰ্পোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 18th, 05:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এআই ইমপেক্ট ছামিটৰ সময়তে ১৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমান পেট্টেৰী অৰ্পোৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ষষ্ঠদশ ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ সময়ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিক আদৰণি জনায়। এই চুক্তিয়ে ভাগ-বতৰা কৰা প্ৰগতি আৰু সমৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব। ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব বজাই ৰাখি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতিবদ্ধ হয়।ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 16th, 09:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীত মুম্বাই ভ্ৰমণ কৰি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক সাক্ষাৎ কৰিব।