
১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।
Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi
April 09th, 08:15 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.PM Modi inaugurates the Navkar Mahamantra Divas
April 09th, 07:47 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 30th, 11:53 am
মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে
March 30th, 11:52 am
প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 18th, 01:05 pm
প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে
March 18th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 08th, 11:50 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 08th, 11:45 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 24th, 02:30 pm
কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh
February 24th, 10:35 am
At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে
February 24th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi
January 23rd, 11:30 am
PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.Prime Minister Shri Narendra Modi’s address on Parakram Diwas
January 23rd, 11:25 am
PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.