The greatest pride of my life is that I am a karyakarta of the Bharatiya Janata Party: PM Modi at BJP HQ
January 20th, 11:16 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”PM Modi addresses BJP karyakartas at felicitation of New Party President
January 20th, 11:15 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 07:00 pm
মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 09:00 am
আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীৰ শ্বেয়াৰ কৰিলে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ এছ এছৰ উল্লেখনীয় অৱদানৰ বিষয়ে আলোকপাত কৰি পৰম পূজ্য সৰসংঘচালক ড° মোহন ভাগৱত জীৰ প্ৰেৰণাদায়ক ভাষণ
October 02nd, 01:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেশৰ বাবে ১০০ বছৰীয়া নিষ্ঠাবান সেৱা সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীয়ে আগবঢ়োৱা প্ৰেৰণাদায়ক ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা ভাৰতৰ সভ্যতাৰ মূল্যবোধক লালন-পালনৰ ক্ষেত্ৰত সংঘৰ অটল দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে।নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
October 01st, 10:45 am
মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
October 01st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।প্ৰধানমন্ত্ৰীয়ে ১ অক্টোবৰত আৰএছএছ-ৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব
September 30th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১ অক্টোবৰৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ আৰএছএছ-এ আগবঢ়োৱা অৱদানক উজ্জ্বল কৰি বিশেষভাৱে ডিজাইন কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি তথা সমবেতসকলক সম্বোধন কৰিব।স্বদেশী সামগ্ৰী, ‘ভ’কেল ফৰ লোকেল’: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ উৎসৱকালীন আহ্বান
September 28th, 11:00 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিং আৰু লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সংস্কৃতি, মহিলা সৱলীকৰণ, সমগ্ৰ দেশতে উদযাপিত বিভিন্ন উৎসৱ, ‘আৰ এছ এছট-ৰ ১০০ বছৰীয়া যাত্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদী বিক্ৰীৰ উত্থান আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো তেওঁ অভিমত ব্যক্ত কৰে। দেশক স্বাৱলম্বী কৰাৰ পথ ‘স্বদেশী’ক আঁকোৱালি লোৱাতেই নিহিত হৈ আছে বুলি পুনৰ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
April 12th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে সেৱামূলক কাৰ্যকলাপ আৰু সাংগঠনিক কামত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।আজি শতবৰ্ষত পদাৰ্পণ কৰা বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 12th, 04:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ সেৱাত সমৰ্পিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ক আজি শতবৰ্ষত পদাৰ্পণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে।