লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী উপলক্ষে ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

December 24th, 11:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব। প্ৰায় দুপৰীয়া ২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব।