ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:00 pm
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 11th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।২,১৯২ কোটি টকা ব্যয়েৰে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়া একক ৰে’লপথ (১০৪ কিলোমিটাৰ) অংশ দ্বৈত পথলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
September 24th, 03:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়াৰ একক ৰে’লপথৰ (১০৪ কিলোমিটাৰ)অংশ দ্বৈত পথলৈ উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে আৰু ইয়াৰ বাবে আনুমানিক ২,১৯২ কোটি ব্যয় হ’ব।বিহাৰৰ পুৰ্ণিয়াত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী, আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 15th, 04:30 pm
সকলোকে প্ৰণাম জনাইছো। পুৰ্ণিয়া মা পূৰণ দেৱী, ভক্ত প্ৰহ্লাদ, মহৰ্ষি মেহী বাবাৰ কৰ্মক্ষেত্ৰ, এই ভূমিত ফণীশ্বৰ নাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে ঔপন্যাসিকৰ জন্ম হৈছে। এইখনেই বিনোৱা ভাবেৰ দৰে কৰ্মযোগীসকলৰ কৰ্মক্ষেত্ৰ, মই এই ভূমিক বাৰে বাৰে প্ৰণাম কৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
September 15th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে পূৰ্ণিয়া হৈছে মা পুৰাণ দেৱী, ভক্ত প্ৰহ্লাদ, আৰু মহৰ্ষি মেহি বাবাৰ ভূমি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ভূমিয়ে ফণীশ্বৰনাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে সাহিত্যিকৰ জন্ম দিছে। তেওঁ লগতে উল্লেখ কৰে যে ই বিনোৱা ভাৱেৰ দৰে নিষ্ঠাবান কৰ্মযোগীসকলৰ কৰ্মভূমি হৈ আহিছে আৰু এই ভূমিৰ প্ৰতি তেওঁ তেওঁৰ গভীৰ শ্ৰদ্ধাৰ কথা পুনৰবাৰ উল্লেখ কৰে।২০২৫ চনৰ এছিয়া কাপ বিজয়ী ভাৰতৰ পুৰুষ হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
September 08th, 07:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ ৰ খিতাপ বিজয়ী ভাৰতৰ পুৰুষ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। ’’এই জয় বিশেষভাবে উল্লেখনীয় কাৰণ তেওঁলোকে যোৱাবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ পৰাস্ত কৰিছে’’, -শ্ৰী মোদীয়ে কয়।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত বিহাৰৰ ৰাজগীৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
August 28th, 09:33 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৯ আগষ্টৰ পৰা বিহাৰৰ ঐতিহাসিক ৰাজগীৰ চহৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-ৰ প্ৰাকক্ষণত সমগ্ৰ এছিয়াৰ সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ, বিষয়া-বৰ্গ আৰু সমৰ্থকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে শেহতীয়া সময়ছোৱাত খেল’ ইণ্ডিয়া যুৱ গেমছ-২০২৫, এছিয়া ৰাগবী ২০-বছৰ অনূৰ্ধ চেভেনছ চেম্পিয়নশ্বিপ-২০২৫, আইএছটিএএফ ছেপাকটাক্ৰ’ বিশ্বকাপ-২০২৪ আৰু মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী-২০২৪ ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনেৰে এক স্পন্দনশীল ক্ৰীড়া কেন্দ্ৰ হিচাপে স্থান লাভৰ বাবে বিহাৰক প্ৰশংসা কৰে।বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰচৌহদ উদ্বোধনকৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 19th, 10:31 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, এই ৰাজ্যৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া,আমাৰ বৈদেশিক মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ ডাঙৰীয়া, ভিন্ন দেশৰ মহামহিম আৰু ৰাষ্ট্ৰদূতসকল,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলতথাএই অনুষ্ঠানত উপস্থিত থকা বন্ধু-বান্ধৱীসকল!বিহাৰৰ ৰাজগীৰত ‘নালন্দা বিশ্ববিদ্যালয় চৌহদ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
June 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন ভাৰত আৰু ‘পূব এছিয়া সন্মিলন’ (ইএএছ)ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা হিচাপে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।