Chief Minister of Rajasthan meets the Prime Minister
December 02nd, 04:44 pm
Chief Minister of Rajasthan, Shri Bhajanlal Sharma met the Prime Minister, Shri Narendra Modi at New Delhi, today.ৰাজস্থানৰ জয়পুৰত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
November 03rd, 05:15 pm
ৰাজস্থানৰ জয়পুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ফালোদী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে
November 02nd, 10:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ফালোদী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
October 27th, 12:42 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
October 14th, 10:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু-আৰোগ্য কামনা কৰে।নতুন দিল্লীৰ কৃষি কাৰ্যসূচীত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
October 12th, 06:45 pm
ৰাম-ৰাম! মই হাৰিয়ানাৰ হিছাৰ জিলাৰ। কাবুলী বুটেৰে খেতি আৰম্ভ কৰিছো। প্ৰথম অৱস্থাত মাত্ৰ অলপকৈ...কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
October 12th, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক কৃষি কাৰ্যসূচীত কৃষকসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীয়ে কৃষক কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনি মুকলিৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ২৪,০০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ ১১,৪৪০ কোটি টকা ব্যয়সাপেক্ষ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮১৫ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কৃষি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৫,৪৫০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 06th, 09:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 25th, 06:16 pm
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।ৰাজস্থানৰ বনস্বৰাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 25th, 02:32 pm
মা ত্ৰিপুৰা সুন্দৰী কি জয়, বেনেশ্বৰ ধাম কি জয়, মংগড় ধাম কি জয়, জয় গুৰু আপোনালোক সকলোলৈ! ৰাম-ৰাম! মাননীয় ৰাজ্যপাল শ্ৰীযুত হৰিভাও বাগাড়ে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেবিনেটত মোৰ সহকৰ্মী প্ৰহ্লাদ যোশী জী, গজেন্দ্ৰ সিং শেখাৱত জী আৰু যোধপুৰৰ পৰা আমাৰ লগত যোগদান কৰা অশ্বিনী বৈষ্ণৱ জী, , বিকানেৰৰ পৰা আমাৰ সৈতে যোগদান কৰা শ্ৰী অৰ্জুন ৰাম মেঘৱাল জী, উপ-মুখ্যমন্ত্ৰী প্ৰেম চান্দ বৈৰৱা জী আৰু দিয়া কুমাৰী জী, বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত মদন ৰাথোৰ জী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰীসকল, ইয়াত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
September 25th, 02:30 pm
ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰীয়ে বনস্বৰাৰ পবিত্ৰ ভূমি মা ত্ৰিপুৰা সুন্দৰী পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভৰ কথাও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ কনথাল আৰু ভগদৰ গংগা হিচাপে পূজনীয় মা মাহীকো প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাহীৰ পানী ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ স্থিতিস্থাপকতা আৰু সংগ্ৰামৰ প্ৰতীক। তেওঁ মহাযোগী গোবিন্দ গুৰুজীৰ প্ৰেৰণাদায়ক নেতৃত্বৰ বিষয়ত আলোকপাত কৰে, যাৰ উত্তৰাধিকাৰ আজিও অব্যাহত আছে, সেই মহান কাহিনীৰেই সাক্ষী বহন কৰিছে মাহীৰ পবিত্ৰ পানীয়ে। শ্ৰী মোদীয়ে মা ত্ৰিপুৰা সুন্দৰী আৰু মা মাহীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই ভক্তি তথা বীৰত্বৰ ভূমিৰ পৰা মহাৰাণা প্ৰতাপ আৰু ৰাজা বংছিয়া ভীলক শ্ৰদ্ধাঞ্জলি জনায়।২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ পুৱা প্ৰায় ৯:৩০ বজাত গ্ৰেটাৰ নয়ডাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী-২০২৫ উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ আগবঢ়াব।ৰাজস্থানৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
September 08th, 02:11 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।Cabinet approves development of Green Field Airport at Kota-Bundi (Rajasthan) at an estimated cost of Rs.1507.00 Crore
August 19th, 03:13 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi has approved the development of Green Field Airport at Kota-Bundi in Rajasthan worth Rs.1507.00 Crore. The project aimed at addressing the anticipated traffic growth in the region includes construction of a Terminal Building spanning an area of 20,000 sqm capable of handling 1000 Peak Hour Passengers (PHP).প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
August 13th, 05:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
July 29th, 12:14 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ৰাজস্থানৰ ঝালাৱাৰৰ বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 25th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝালাৱাৰৰ এখন বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, “এই জটিল সময়ত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 01:20 pm
বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।