কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

October 15th, 02:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ‘মোৰ মৰমৰ বন্ধু আৰু কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰিয় বন্ধু আছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দিনৰ পৰাই মই তেওঁক ঘনিষ্ঠভাৱে চিনি পোৱাৰ সৌভাগ্য লাভ কৰিছিলো আৰু আমাৰ সম্পৰ্ক বছৰ বছৰ ধৰি অব্যাহত আছিল’, শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী ৰাইলা ওডিংগাৰ ভাৰত, আমাৰ সংস্কৃতি, মূল্যবোধ আৰু প্ৰাচীন জ্ঞানৰ প্ৰতি বিশেষ আন্তৰিকতা আছিল, যি ভাৰত-কেনিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাত প্ৰতিফলিত হৈছিল।

PM Modi expresses gratitude to world leaders for birthday wishes

September 17th, 03:03 pm

The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.