আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ‘ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপট’ৰ শিলালিপিৰ অন্তুৰ্ভূক্তিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

July 12th, 09:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপটক ইউনেস্ক’ৰ সন্মানীয় বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাত অপৰিসীম গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰিছে।