সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

January 27th, 04:00 pm

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে

January 27th, 03:30 pm

প্ৰধানমন্ত্ৰীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস সমাৰোহৰ পিছত অনুষ্ঠিত হোৱা এই সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে কিয়নো এয়া আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতেই অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।