বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 03rd, 03:03 pm
নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ শ্ৰী ৰবি লামিছানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।নেপালত নিৰ্বাচনী সফলতাৰ বাবে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতাসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে
March 09th, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ ৰবি লমিচানে আৰু আৰ এছ পিৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহ ডাঙৰীয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।