কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি পোৱাক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
November 04th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি পোৱাক আদৰণি জনাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে আমাৰ যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে কয় যে আমি সমগ্ৰ ভাৰততে অধিক শিক্ষানুষ্ঠানক সক্ষম কৰি তুলি এই খণ্ডত প্ৰতিষ্ঠানিক সামৰ্থ্য গঢ়ি তুলিছো।