অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
November 19th, 01:46 pm
প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব
November 18th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ লেপাক্ষীত বীৰভদ্ৰ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
January 16th, 06:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ লেপাক্ষীত বীৰভদ্ৰ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে৷ শ্ৰী মোদীয়ে তেলেগু ভাষাত ৰংগনাথ ৰামায়ণৰ কাহিনী শুনা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা অহা থোলু বোম্মালতা নামেৰে জনাজাত পৰম্পৰাগত ছাঁ পুতলা উদ্যোগৰ জৰিয়তে উপস্থাপন কৰা জটায়ুৰ কাহিনীৰ প্ৰত্যক্ষ কৰে৷প্ৰধানমন্ত্ৰীয়ে ৪ জুলাইত পুট্টাপাৰ্থীত সাই হীৰা গ্লোবেল কনভেনচন চেণ্টাৰ উদ্বোধন কৰিব
July 03rd, 06:29 pm
শ্ৰী সত্য সাই চেণ্ট্ৰেল ট্ৰাষ্টে পুট্টাপাৰ্থিৰ প্ৰসন্ন্তি নিলয়মত চাই হীৰা গ্লোবেল কনভেনচন চেণ্টাৰ নামৰ এটা নতুন সুবিধা নিৰ্মাণ কৰিছে। প্ৰশান্তি নিলয়ম হৈছে শ্ৰী সত্য সাই বাবাৰ মুখ্য আশ্ৰম। সমাজসেৱক শ্ৰীযুত ৰিয়ুকো হীৰাৰ দ্বাৰা প্ৰদান কৰা সন্মিলন কেন্দ্ৰটো হৈছে সাংস্কৃতিক বিনিময়, আধ্যাত্মিকতা আৰু গোলকীয় সম্প্ৰীতি বৃদ্ধি কৰা দৃষ্টিভংগীৰ এক প্ৰমাণ। ই বিভিন্ন পৃষ্ঠভূমিৰ লোকসকলক একত্ৰিত হোৱা, সংযোগ কৰা আৰু শ্ৰী সত্য সাই বাবাৰ শিক্ষাৰ বিষয়ে শিকিবলৈ এক সক্ষম পৰিৱেশ প্ৰদান কৰে। ইয়াৰ বিশ্বমানৰ সুবিধা আৰু আন্তঃগাঁথনিৰ ফলত সন্মিলন, আলোচনাচক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত সহায় হ'ব, যাৰ ফলত জীৱনৰ সকলো স্তৰৰ লোকৰ মাজত পাৰস্পৰিক আলোচনা আৰু বুজাবুজি বৃদ্ধি পাব। এই বিশাল কমপ্লেক্সত ধ্যান কোঠা, শান্ত বাগিচা আৰু আৱাসিক সুবিধাও উপলব্ধ থাকিব।