১১ অক্টোবৰত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 10th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব।

কেন্দ্ৰীয় কেবিনেটে ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনায়

October 01st, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি মাহৰ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু ইয়াত আত্ম-নিৰ্ভৰতা অৰ্জনৰ লক্ষ্যৰে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ- মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনাইছে। ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ ছবছৰ সময়ছোৱাত ১১,৪৪০ কোটি টকা আৰ্থিক ব্যয় সাপেক্ষে এই অভিযান কাৰ্য্যকৰী কৰা হ’ব।