ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।‘পিএছএলভি চি৫৪’ অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ‘ইছৰো’ আৰু ‘এনএছআইএল’-লৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 26th, 06:07 pm
‘পিএছএভি চি৫৪’ অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ‘ইছৰো’ আৰু ‘এএছআইএল’-লৈ অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উত্ক্ষেপন অভিযানৰে জড়িত অন্য সকলো প্ৰতিষ্ঠানকো অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।