সকলোৰে চিৰন্তন স্বাচ্ছন্দ্য, সুখ আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 25th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ অসীম অনুগ্ৰহ, সূৰ্য দেৱৰ শক্তি আৰু বৰষুণৰ পবিত্ৰ আশীৰ্বাদে আমাৰ জীৱন সুখ আৰু সৌভাগ্যৰে সমৃদ্ধ কৰে। শ্ৰী মোদীয়ে পৃথিৱীখন চিৰদিনৰ বাবে প্ৰাণৱন্ত, সেউজীয়া আৰু সমৃদ্ধিশালী হৈ থকাৰ বাবে তেওঁৰ আন্তৰিক ইচ্ছা প্ৰকাশ কৰে।সামূহিক সমৃদ্ধি আৰু সাৰ্বজনীন কল্যাণৰ বাবে আশীৰ্বাদ কামনা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 22nd, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকাশ, সমৃদ্ধি আৰু সকলোৰে সামূহিক কল্যাণৰ বাবে আশীৰ্বাদ কামনা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।প্ৰধানমন্ত্ৰীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা; ৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা
April 29th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাশীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰি দেশৰ জনসাধাৰণৰ সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।নৱৰাত্ৰি উপলক্ষে সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 19th, 09:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলোলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সমৃদ্ধি, স্বাস্থ্য আৰু বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।প্ৰধানমন্ত্ৰীয়ে দেশবাসীক জনালে হোলীৰ শুভেচ্ছা, আগবঢ়ালে এটা সংস্কৃত সুভাষিতম
March 04th, 09:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষ্যে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰং আৰু আনন্দৰ এই উৎসৱে যাতে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনে তাৰেই কামনা কৰে।আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
December 11th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ
December 11th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।ধনটেৰছ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
October 18th, 08:52 am
ধনটেৰছ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।মণিপুৰৰ চুৰাচান্দপুৰত একাধিক উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
September 13th, 12:45 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
September 13th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
September 13th, 08:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰত নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
August 30th, 08:00 am
আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা
August 29th, 08:12 pm
আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ যৌথ বিবৃতি: আমাৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে অংশীদাৰিত্ব
August 29th, 07:06 pm
এইচই ইছিবা শিগেৰু ডাঙৰীয়াৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৯-৩০ আগষ্ট ২০২৫ত ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানলৈ আনুষ্ঠানিক কৰ্ম ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰধানমন্ত্ৰী ইছিবাই ২৯ আগষ্ট ২০২৫ৰ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (কান্তেই) আদৰণি জনায় য'ত তেওঁ আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ লাভ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়, য’ত তেওঁলোকে ভাৰত আৰু জাপানৰ মাজত সভ্যতাৰ সম্পৰ্ক, ভাগ-বতৰা কৰা মূল্যবোধ আৰু স্বাৰ্থ, উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মানৰ মাজত শিপাই থকা ভাৰত আৰু জাপানৰ দীৰ্ঘদিনীয়া বন্ধুত্বক স্মৰণ কৰে। ভাৰত-জাপানৰ অংশীদাৰিত্বই বিগত দশকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দশকত পাৰস্পৰিক নিৰাপত্তা আৰু সমৃদ্ধি অৰ্জনৰ বাবে কৌশলগত আৰু আগন্তুক অংশীদাৰিত্বক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে গঠনমূলক আলোচনাত মিলিত হয়।জীৱন আৰু ব্যৱসায়ৰ সহজতা ত্বৰান্বিত কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 18th, 08:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত সন্দৰ্ভত আলোচনা কৰা হয়, যাৰ লক্ষ্য হৈছে সহজ আৰু ব্যাপক সংস্কাৰ, যিয়ে জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰিব, ব্যৱসায়ত সহজতা উন্নত কৰিব আৰু সৰ্বাংগীন সমৃদ্ধিৰ পোষকতা কৰিব।PM thanks World Leaders for their greetings on 79th Independence Day
August 15th, 07:26 pm
The Prime Minister, Shri Narendra Modi, thanked World Leaders for their greetings and wishes on the 79th Independence Day.ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
August 07th, 03:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে আজি আমাৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰা আমাৰ চহকী বয়ন পৰম্পৰা উদযাপনৰ দিন। তেওঁ লগতে কয় যে ভাৰতৰ হস্ততাঁত বৈচিত্ৰ্য আৰু জীৱিকা তথা সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ আমি গৌৰৱান্বিত।ভাৰত-ইউকে ভিজন ২০৩৫
July 24th, 07:12 pm
ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে, ২০২৫ চনৰ ২৪ জুলাইত লণ্ডনত হোৱা তেওঁলোকৰ বৈঠকৰ সময়ত নতুন ভাৰত-ইউকে ভিজন ২০৩৫ৰ প্ৰতি সমৰ্থন আগবঢ়ায় যিয়ে এক পুনৰুজ্জীৱিত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। এই উচ্চাকাংক্ষী আৰু ভৱিষ্যৎ-কেন্দ্ৰিক চুক্তিয়ে দুয়োখন দেশৰ পাৰস্পৰিক বৃদ্ধি, সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে দ্ৰুত গোলকীয় পৰিৱৰ্তনৰ এই সময়ত এখন সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম পৃথিৱী গঢ় দিয়াৰ সংকল্প আলোকপাত কৰে।পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 02nd, 03:00 pm
ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি
April 22nd, 08:30 am
আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।