ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ

February 05th, 05:35 pm

এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 05th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি জীৰ প্ৰেৰণাদায়ক ভাষণে আমাৰ সংবিধানৰ স্বকীয়তাক উজ্জ্বল কৰি তুলিছে আৰু নাগৰিকসকলক গণতন্ত্ৰ শক্তিশালী কৰিবলৈ, সাংবিধানিক আদৰ্শ ৰক্ষা কৰিবলৈ তথা বিকশিত ভাৰত গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাইছেঃ প্ৰধানমন্ত্ৰী

January 25th, 09:30 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আগবঢ়োৱা প্ৰেৰণাদায়ক ভাষণৰ প্ৰশংসা কৰিছে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

আজি ৰাষ্ট্ৰপতি মহোদয়ে সংসদৰ দুয়োটা সদনত দিয়া ভাষণে আমাৰ দেশৰ বিকশিত ভাৰত লাভৰ দিশত কৰা যাত্ৰাৰ এক শক্তিশালী ৰূপৰেখা দাঙি ধৰিলে। - প্ৰধানমন্ত্ৰী

January 31st, 02:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ দুয়োটা সদনত সন্মানীয় ৰাষ্ট্ৰপতিৰ ভাষণক প্ৰশংসা কৰি ভাৰতৰ বিকশিত ভাৰত হোৱাৰ পথৰ বাবে এক ব্যাপক দৃষ্টিভংগী বুলি অভিহিত কৰিছে।

PM Modi shares Rashtrapati Ji's inspiring address on the eve of 76th Republic Day

January 25th, 10:09 pm

The Prime Minister Shri Narendra Modi today thanked Rashtrapati ji for an inspiring address to the nation ahead of the Republic Day. He remarked that the President highlighted many subjects and emphasised the greatness of our Constitution and the need to keep working towards national progress.

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 03rd, 12:45 pm

ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

July 03rd, 12:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 02nd, 09:58 pm

মই ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰা ভাষণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ

July 02nd, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।