আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

July 04th, 09:40 pm

আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প ডাঙৰীয়া আৰু আমেৰিকাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত–আমেৰিকাৰ অংশীদাৰিত্বৰ চিৰস্থায়ী শক্তিৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দুয়োখন গণতন্ত্ৰৰ মাজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ বাহিৰলৈ গৈ গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ সীমাহীন সম্ভাৱনাৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা কৰা বিশ্বাস এক শক্তিত পৰিণত হৈছে।

ছিচেলছলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ (২৭-২৯ জুন, ২০২৬)

June 25th, 06:05 pm

ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণক্ৰমে ২০২৬ চনৰ ২৭ৰ পৰা ২৯ জুনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছ ভ্ৰমণ কৰি ভাৰতৰ ‘মহাসাগৰ’ দৃষ্টিভংগী আগুৱাই নিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস-ৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সৈতে এলানি আলোচনাত মিলিত হ’ব। তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয়সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ জন্মদিনত ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ নিজৰ গাঁও ওড়িশাৰ পাহাৰপুৰ গাঁও ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 20th, 08:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ জন্মদিনত ৰাষ্ট্ৰপতিৰ সৈতে ওড়িশাৰ পাহাৰপুৰ গাঁও ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰী

June 20th, 08:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ আৰু ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা জনায়।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ লগত প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰ গাঁৱৰ সান্থালী জাহেৰা আৰু হো জাহেৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

June 20th, 08:51 pm

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ লগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাহাৰপুৰ গাঁৱৰ সান্থালী জাহেৰা আৰু হো জাহেৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালৰ সদস্যৰ পাহাৰপুৰত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে

June 20th, 08:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত শ্যামচৰণ মুৰ্মু, প্ৰয়াত লখন মুৰ্মু আৰু প্ৰয়াত ছিপুন মুৰ্মুৰ পাহাৰপুৰৰ বিদ্যালয় চৌহদত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰ গাঁৱৰ বিদ্যালয় পৰিদৰ্শন কৰি শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে

June 20th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাহাৰপুৰ গাঁৱৰ এখন বিদ্যালয় পৰিদৰ্শন কৰি তেওঁ অত্যন্ত আনন্দিত।

শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 15th, 11:33 pm

প্ৰধানমন্ত্ৰীয়ে ২০২৬ৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পেলেগ্ৰিনীৰ সৈতে তেওঁৰ পূৰ্বৰ বৈঠকৰ কথা আদৰেৰে স্মৰণ কৰে। দুয়োগৰাকী নেতাই চলিত সহযোগিতা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কক আদৰণি জনায়। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক উন্নয়নৰ বিষয়েও আলোচনা কৰে।

ইটালীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 20th, 07:19 pm

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।

ৰাজ্যসভাত মনোনয়ন লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ শ্ৰী হৰিবংশলৈ শুভেচ্ছা

April 10th, 02:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত হোৱা শ্ৰী হৰিবংশৰ আগন্তুক সংসদীয় কাৰ্যকালৰ বাবে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

April 07th, 12:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত ৰাষ্ট্ৰপতিক কৰা অপমান আৰু চাঁওতাল সংস্কৃতিৰ প্ৰতি কৰা অসন্মানক গৰিহণা জনাইছে

March 07th, 08:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগ চৰকাৰে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক কৰা অপমান আৰু চাঁওতাল সংস্কৃতিৰ প্ৰতি কৰা অসন্মানৰ ঘটনাক তীব্ৰ গৰিহণা দিছে।

‘কেৰালা’ৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাত কেবিনেটৰ অনুমোদন

February 24th, 03:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি 'কেৰালা' ৰ নাম 'কেৰালাম'লৈ সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

ভাৰতত উপস্থিত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজ

February 18th, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে ১৮–১৯ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে। তেওঁ এআই ইমপেক্ট ছামিট ২০২৬ত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে।২০২৪ চনৰ ২৭–২৯ অক্টোবৰত দ্বিপাক্ষিক ভ্ৰমণ কৰাৰ পিছত পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ।তেওঁৰ সৈতে তেওঁৰ সৈতে ডিজিটেল ৰূপান্তৰ আৰু অসামৰিক সেৱা দপ্তৰৰ মন্ত্ৰী অস্কাৰ লোপেজ আগুয়েডা আৰু স্পেইনৰ কৃষি, মীন তথা খাদ্য মন্ত্ৰী লুইছ প্লেনাছ পুচাডেছেও আহিছে। ভাৰতত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰপতি ছানচেজে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি, জলবায়ু আৰু নবীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ আদান-প্ৰদানকে ধৰি নানান বিষয়ত ভাৰত–স্পেইনৰ মাজত থকা সম্পৰ্কৰ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। নেতাদ্বয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ ইতিবাচক গতিক আদৰণি জনায় আৰু ২০২৪ চনৰ অক্টোবৰ মাহত তেওঁলোকে যৌথভাৱে উদ্বোধন কৰা ভদোদৰা প্ৰকল্পত চি-২৯৫ পৰিবহণ বিমানৰ চূড়ান্ত সমাবেশ লাইনৰ বাবে টাটা–এয়াৰবাছৰ সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ত সন্তোষ প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষ্যে চলিত বছৰত উদযাপন কৰা ভাৰত–স্পেইনৰ সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ষটোত দ্বিপাক্ষিক প্ৰযুক্তি, উদ্ভাৱন, ব্যৱসায় আৰু জনসাধাৰণৰ সম্পৰ্কক অধিক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি ছানচেজে এআই ইমপেক্ট ছামিটৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে আৰু ইয়াৰ ফলাফলে বিশ্ব এআই শাসন প্ৰণালীক গঢ় দিয়াত অৰ্থপূৰ্ণ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাক এক পৰিৱৰ্তনশীল শক্তি হিচাপে স্বীকৃতি দি সৰ্বাংগীন উন্নয়ন তথা সমাজৰ লাভৰ বাবে ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ ভাৰত–স্পেইনৰ ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে ভাৰতৰ নতুন শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে ২০২৬ চনৰ ১৯–২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু স্পেইনৰ বিশ্ববিদ্যালয়ৰ ৰেক্টৰৰ সন্মিলনকো ​​আদৰণি জনায়।তেওঁলোকে দুয়োখন দেশৰ পৰ্যটনৰ ক্ষেত্ৰত অব্যাহত থকা আকৰ্ষণীয় বিকাশৰ কথা উল্লেখ কৰে । এনে বিকাশে দেশ দুখনত অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাইছে আৰু জনসাধাৰণৰ সম্পৰ্কক আগুৱাই লৈ গৈছে বুলি তেওঁলোকে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক বিশেষকৈ এছ টি ই এম আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিৰ অধীনত ভাৰতত চৌহদ মুকলি কৰিবলৈ আমন্ত্ৰণ জনায়।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ

February 17th, 09:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক উষ্ম আদৰণি জনাই এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক নতুন শিখৰলৈ উন্নীত কৰিব বুলি আস্থা প্ৰকাশ কৰে।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

February 16th, 10:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীক সাক্ষাৎ কৰে।

১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 16th, 09:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীত মুম্বাই ভ্ৰমণ কৰি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক সাক্ষাৎ কৰিব।

পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ

February 05th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বোৰ গংগাৰামায়া মন্দিৰত পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ

January 29th, 10:15 am

কালি ৰাষ্ট্ৰপতিৰ ভাষণ আছিল ১৪০ কোটি দেশবাসীৰ আস্থাৰ অভিব্যক্তি, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু ১৪০ কোটি দেশবাসী তথা অধিকাংশ যুৱক-যুৱতীৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক অতি নিখুঁত ভাষণ তথা সকলো সাংসদৰ বাবে বহুতো পথ প্ৰদৰ্শক দিশো কালি সদনত ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিছিল। মই নিশ্চিত যে সংসদৰ সকলো সন্মানীয় সদস্যই অধিৱেশনৰ আৰম্ভণিতে আৰু ২০২৬ চনৰ আৰম্ভণিতে সন্মানীয় ৰাষ্ট্ৰপতিয়ে সংসদৰ সদস্যসকলৰ আগত প্ৰকাশ কৰা প্ৰত্যাশা, ৰাষ্ট্ৰপ্ৰধান হিচাপে তেওঁ অতি সৰল শব্দত প্ৰকাশ কৰা ভাৱনাক গুৰুত্ব সহকাৰে লৈছে তথা এই অধিৱেশন নিজেই এক অতি গুৰুত্বপূৰ্ণ অধিৱেশন। এইখন বাজেট অধিৱেশন, একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈছে, এয়া হৈছে দ্বিতীয় অংশৰ আৰম্ভণি আৰু ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ সময়ছোৱা আৰম্ভ হৈছে আৰু এয়া হৈছে দ্বিতীয় অংশৰ প্ৰথম বাজেট, এই শতিকাৰ দ্বিতীয় অংশৰ এইখন প্ৰথম বাজেট সমাগত আৰু বিত্ত মন্ত্ৰী নিৰ্মলা মহাশয়া, দেশৰ প্ৰথম বিত্ত মন্ত্ৰী, প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী, যিগৰাকীয়ে দেশৰ সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছে। এয়া ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে।

২০২৬ চনৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

January 29th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৬ চনৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণ ১৪০ কোটি নাগৰিকৰ আস্থাৰ অভিব্যক্তি, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ এক নিখুঁত প্ৰতিফলন। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ২০২৬ বৰ্ষ তথা অধিৱেশনৰ আৰম্ভণিতে সংসদৰ সকলো সদস্যৰ সন্মুখত কেইবাটাও পথ প্ৰদৰ্শন কৰিব পৰা বিষয় উত্থাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপ্ৰধান হিচাপে সৰল শব্দত প্ৰকাশ কৰা প্ৰত্যাশা নিশ্চিতভাৱে সকলো সাংসদৰ দ্বাৰা গুৰুত্বসহকাৰে লোৱা হৈছে, যাৰ ফলত এই অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।