Prime Minister meets with the President of Trinidad and Tobago

July 04th, 11:37 pm

PM Modi met Trinidad & Tobago President Kangaloo and the two leaders reflected on the enduring bonds shared by the two countries, anchored by strong people-to-people ties. PM Modi conveyed his sincere gratitude for the conferment of the ‘Order of the Republic of Trinidad and Tobago’—describing it as an honour for the 1.4 billion people of India.

২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ

January 16th, 02:18 pm

২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।

উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 09th, 10:15 am

ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে

January 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।

অহা ৮-৯ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 06th, 06:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮–৯ জানুৱাৰী, ২০২৫ তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা ভ্ৰমণ কৰিব। বহনক্ষম উন্নয়ন, ঔদ্যোগিক বিকাশ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৮ জানুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাত বিশাখাপট্টনমত ২ লাখ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা ৰাখিব। তেওঁ পুৱা ১০ বজাত ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব।

কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 21st, 06:34 pm

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait

December 21st, 06:30 pm

PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.

প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 09th, 09:15 am

“প্ৰবাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জনালোঁ। এয়া বিশ্বজুৰি প্ৰৱাসী ভাৰতীয়সকলৰ অৱদান আৰু কৃতিত্বক উদযাপন কৰাৰ দিন। আমাৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু বৈশ্বিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ নিষ্ঠা প্ৰশংসনীয়। তেওঁলোকে সমগ্ৰ বিশ্বতে ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তোলে, ঐক্য আৰু বৈচিত্ৰ্যৰ ভাৱনাক লালন-পালন কৰে।”

সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

January 09th, 05:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি সন্তোখীয়ে ৭-১৪ জানুৱাৰীলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে। সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সন্মানীয় বিশেষ অতিথি হৈছে ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখী।

সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

January 09th, 05:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনা গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ইৰফান আলী ৮-১৪ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে আৰু তেওঁক ১৭তম পিবিডিত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে।

মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 09th, 12:00 pm

প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনত সমবেত গায়ানাৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী জী, চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপেৰছাদ সন্তখী জী, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ জী, আন-আন কেবিনেট সতীৰ্থ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!

মধ্যপ্ৰদেশৰ ইন্দোৰত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে

January 09th, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ইন্দোৰত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সুৰক্ষিত জায়েন, প্ৰশিক্ষিত জায়েন’ শীৰ্ষক এক স্মৃতি ডাক টিকট মুকলি কৰাৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ-ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰৱাসীসকলৰ অৱদান’ শীৰ্ষক ডিজিটেল পি বি ডি প্ৰদৰ্শনীও উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ইন্দোৰত প্ৰবাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰিব

January 08th, 05:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰবাসী ভাৰতীয় দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইন্দোৰত উপস্থিত হ'বগৈ।

১৬তম প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 09th, 10:31 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 09th, 10:30 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে ৯ জানুৱাৰীত প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন ২০২১ উদ্বোধন কৰি

January 07th, 07:29 pm

প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন হ’ল কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ অনু্ষ্ঠান আৰু ই বিদেশত থকা ভাৰতীয়সকলক একগোট হোৱাৰ গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। আমাৰ প্ৰাণৱন্ত প্ৰৱাসী সমূদায়ৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখি অহা ৯ জানুৱাৰীত ক’ভিড মহামাৰী সত্ত্বেও ১৬সংখ্যক প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন কৰা হ’ব। ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ মূল বিষয়বস্তু হ’ল ‘আত্মনিৰ্ভৰ ভাৰতলৈ অৱদান’।

মৰিছাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ই এন টি চিকিৎসালয়ৰ ভিডিঅ’যোগে যুটীয়া মুকলিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 03rd, 04:00 pm

মৰিছাছ গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথ ডাঙৰীয়া, জ্যেষ্ঠ মন্ত্ৰীসকল আৰু মৰিছাছৰ প্ৰতিনিধিসকল, সন্মানীয় অতিথি, বন্ধুসকল, নমস্কাৰ! বনজুৰ! শুভ সন্ধিয়া!

মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন

October 03rd, 03:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰৱিন্দ জগনাথে আজি এক ভিডিঅ’ লিংকৰ মাধ্যমেৰে মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন কৰে৷

We will break the backbone of terrorism in Jammu and Kashmir and fight it with all our might: PM Modi

February 03rd, 03:57 pm

PM Modi today launched multiple development projects in Srinagar. Speaking to a gathering, PM Modi highlighted how in the last five years India has become a startup and innovation hub. He also spoke about the Centre's focus on healthcare and highlighted how the Ayushman Bharat Yojana is benefiting lakhs of people across the nation.

চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ দিবঃ শ্ৰীনগৰত প্ৰধানমন্ত্ৰীয়ে কয়

February 03rd, 03:57 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা চলাই থকা অপশক্তিক দেশে যোগ্য প্ৰত্যুত্তৰ দিব৷ শ্ৰীনগৰত এখন জনসভাত তেওঁ আজি কয়, ‘আমি প্ৰতিগৰাকী সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিম৷ জম্মু আৰু কাশ্মীৰত আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম আৰু পূৰ্ণশক্তিৰে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দি যাম৷’