শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 31st, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰমুখ সঞ্চলিকা আছিল প্ৰমিলা টাই মেধে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টান্তমূলক জীৱনে আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ ৰেখা হিচাপে পৰিগণিত হ'ব, বিশেষকৈ মহিলাসকলৰ সৰ্বাংগীন সামাজিক উন্নয়ন তথা সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।