২৮ জুনত নতুন দিল্লীত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 27th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জুনৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে্য আয়োজিত সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো দিব।

‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

April 10th, 08:44 am

‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন

October 03rd, 09:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ গভীৰ আৰু প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপে কাম কৰে, যি প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাইলৰ খুঁটিসমূহৰ সাৰমৰ্ম উপস্থাপন কৰে।