Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi

December 26th, 01:30 pm

While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.

নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

December 26th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।

২৬ ডিচেম্বৰত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

December 25th, 05:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৬ ডিচেম্বৰত দিনৰ প্ৰায় ১২.১৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমাৱেশকো সম্বোধন কৰিব।

২৬ ডিচেম্বৰত নতুন দিল্লীত ‘বীৰ বাল দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 25th, 01:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৬ ডিচেম্বৰত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত দুপৰীয়া প্ৰায় ১২ বজাত শিশুসকলক ভাৰতৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ বাবে দেশজুৰি উদযাপন কৰা ‘বীৰ বাল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

January 23rd, 06:01 pm

আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 24th, 09:49 pm

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) বিজয়ীসকলক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজসেৱা, বিদ্যায়তনিক, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বীৰত্বৰ ছটা শাখাত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শিতানৰ অন্তৰ্গত দেশৰ ১১গৰাকী শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে নিৰ্বাচিত কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৬ জন ল’ৰা আৰু ৫ গৰাকী ছোৱালী আছে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে

January 24th, 07:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত বাৰ্তালাপ কৰে।

২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 23rd, 03:00 pm

২৪ জানুৱাৰীৰ আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭ এলকেএমৰ বাসগৃহত বাৰ্তালাপ কৰিব।