কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়

March 25th, 05:35 pm

ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।

কেবিনেটে ২০২৫-২০২৬ৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণত অনুমোদন জনায়

April 09th, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২০২৬ৰ বাবে ১৬০০ কোটি টকা প্ৰাৰম্ভিক মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)-ৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণ (M-CADWM)ত অনুমোদন জনায়।

India’s GDP Soars: A Win For PM Modi’s GDP plus Welfare

December 01st, 09:12 pm

Exceeding all expectations and predictions, India's Gross Domestic Product (GDP) has demonstrated a remarkable annual growth of 7.6% in the second quarter of FY2024. Building on a strong first-quarter growth of 7.8%, the second quarter has outperformed projections with a growth rate of 7.6%. A significant contributor to this growth has been the government's capital expenditure, reaching Rs. 4.91 trillion (or $58.98 billion) in the first half of the fiscal year, surpassing the previous year's figure of Rs. 3.43 trillion.

২০২৪-২৫ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত কেবিনেটে অনুমোদন জনাইছে

October 18th, 03:32 pm

চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে, যাতে উৎপাদকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ লাভজনক মূল্য নিশ্চিত কৰিব পৰা যায়। ন্যূনতম সমৰ্থন মূল্যৰ সৰ্বাধিক বৃদ্ধি মচুৰ দাইলৰ বাবে প্ৰতি কুইন্টলত ৪২৫ টকা হোৱাৰ বিপৰীতে ৰেপচিড আৰু সৰিয়হৰ বাবে প্ৰতি কুইন্টলত ২০০ টকাত অনুমোদন জনোৱা হৈছে। ঘেঁহু আৰু বেলিফুলৰ বাবে প্ৰতি কুইন্টলত ১৫০ টকা বৃদ্ধি অনুমোদন জনোৱা হৈছে। বাৰ্লি আৰু বুটৰ বাবে প্ৰতি কুইন্টলত ক্ৰমে ১১৫ টকা আৰু ১০৫ টকা বৃদ্ধি অনুমোদন জনোৱা হৈছে।