ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 07th, 11:47 pm

ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!

জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

July 07th, 05:30 pm

সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।

মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)

June 28th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।

১১ বছৰ সম্পূৰ্ণ হোৱা জন সুৰক্ষা আঁচনিৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 09th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১১ বছৰ পূৰ্বে এন ডি এ চৰকাৰে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা আৰু পেঞ্চন আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে এই পদক্ষেপসমূহে ভাৰতৰ জনসাধাৰণৰ মৰ্যাদা, আশ্বাস আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

PM Modi’s interaction with the BJP Karyakartas from Tamil Nadu

April 13th, 04:00 pm

PM Modi interacted with BJP Karyakartas from Tamil Nadu during the ‘Mera Booth, Sabse Mazboot Samvaad’, acknowledging their relentless grassroots efforts in strengthening the NDA’s outreach across the state.

লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

অসমৰ দৰঙত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 14th, 11:30 am

অসমৰ বিকাশৰ যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছো।

অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 14th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 04th, 05:35 pm

আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

September 04th, 05:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।

ভিডিঅ’ কনফাৰেন্সিংযোগে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 02nd, 01:00 pm

বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহাজী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ লাখ লাখ বিহাৰৰ ভগ্নী সকল, আপোনালোক সকলোকে প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে

September 02nd, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ মঙলবাৰে এক অতিশয় আশাব্যঞ্জক পদক্ষেপ আৰম্ভ হৈছে। তেখেতে কয় যে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ জৰিয়তে বিহাৰৰ মাতৃ-ভগ্নীসকলক এক নতুন সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে গাঁৱে-ভূঞে জীৱিকাৰ সৈতে জড়িত মহিলাসকলক অধিক সহজে আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম কৰি তুলিব, ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কাম আৰু ব্যৱসায়ক আগুৱাই নিয়াত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। জীৱিকা নিধি ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হোৱাত তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে এতিয়া সকলো কাম ম’বাইল ফোনযোগেই কৰিব পৰা যাব। তেখেতে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ শুভাৰম্ভণি উপলক্ষে বিহাৰৰ মাতৃ-ভগ্নীসকলক অভিনন্দন জনোৱাৰ লগতে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক প্ৰশংসা কৰে।

উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 11:30 am

নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে

August 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।

ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 07th, 03:00 pm

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।

কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 07th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।

হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 09th, 05:54 pm

হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে

December 09th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।

TMC is running a mobocracy, not a republic: PM Modi in Bolpur

May 03rd, 10:45 am

Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced public meeting in Bolpur. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation. Promising accountability, he assured the people that those responsible for looting the nation would be held to account.