২০২৫ চনৰ মাৰ্চৰ পিছত ২০২৮ চনৰ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-III (পিএমজিএছৱাই-III) অব্যাহত ৰখাত মন্ত্ৰীসভাই অনুমোদন জনায়

April 18th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫ চনৰ মাৰ্চৰ পিছত ২০২৮ চনৰ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-III (PMGSY-III) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰিছে ।

তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 11th, 05:45 pm

আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে

March 11th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”

১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 09:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।

“কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন” বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

March 06th, 01:14 pm

বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ? আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।

কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 06th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 27th, 04:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী ২৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত চেন্নাইত উপস্থিত হ'ব।

লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

বিহাৰৰ ছিৱানত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

June 20th, 01:00 pm

সকলোকে প্ৰণাম জনাইছো। প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পবিত্ৰ ভূমি বাবা মহেন্দ্ৰ নাথ, বাবা হন্সনাথ, সোহাগ্ৰা ধাম, মা থাৱে ভৱানী, মা অম্বিকা ভৱানীক প্ৰণাম জনাইছো।

বিহাৰৰ ছিৱানত ৫,২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

June 20th, 12:00 pm

আজি বিহাৰৰ ছিৱানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বাবা মহেন্দ্ৰ নাথ আৰু বাবা হান্স নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে সোহগৰা ধামৰ পবিত্ৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে মা থাৱে ভৱানী আৰু মা অম্বিকা ভৱানীকো প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ স্মৃতিও সোঁৱৰণ কৰে।

From the land of Sindoor Khela, India showcased its strength through Operation Sindoor: PM Modi in Alipurduar, West Bengal

May 29th, 02:00 pm

PM Modi addressed a public meeting in Alipurduar, West Bengal. He ignited the spirit of the people urging them to take charge of shaping a prosperous future for Bengal & India. He lambasted the TMC for shielding corrupt leaders and appealed to the people to reject TMC. The PM invoked the Bengal’s spirit by saying “From the land of Sindoor Khela, India showcased its strength through Operation Sindoor.”

PM Modi rallies in Alipurduar, West Bengal with a resounding Call to Action

May 29th, 01:40 pm

PM Modi addressed a public meeting in Alipurduar, West Bengal. He ignited the spirit of the people urging them to take charge of shaping a prosperous future for Bengal & India. He lambasted the TMC for shielding corrupt leaders and appealed to the people to reject TMC. The PM invoked the Bengal’s spirit by saying “From the land of Sindoor Khela, India showcased its strength through Operation Sindoor.”

তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 06th, 02:00 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 06th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।

কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 01st, 01:00 pm

বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে

March 01st, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi

January 29th, 01:16 pm

PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”