৪৯সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

September 24th, 09:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পূৱা দক্ষিণ ব্লকত প্ৰগতি-সক্ৰিয় শাসন আৰু সময়ানুৱৰ্তী ৰূপায়ণৰ বাবে আইচিটি-সক্ষম বহুমুখী মঞ্চ-প্ৰগতিৰ ৪৯সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই মঞ্চই কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰি বৃহৎ প্ৰকল্পসমূহ দ্ৰুতগতিত আগুৱাই লৈ যোৱাৰ লগতে বিভিন্ন অসুবিধাৰ সমাধান কৰে আৰু কাম সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰে।

২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ পুৱা প্ৰায় ৯:৩০ বজাত গ্ৰেটাৰ নয়ডাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী-২০২৫ উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ আগবঢ়াব।

ফলাফলৰ তালিকাঃ মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

September 11th, 02:10 pm

১) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু মৰিচাছৰ উচ্চ শিক্ষা, বিজ্ঞান আৰু গৱেষণা মন্ত্ৰালয়ৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।

তামিলনাডিৰ তুতিকোড়িত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 26th, 08:16 pm

ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!

তামিলনাডুৰ থুথুকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এলানি উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধন তথা উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

July 26th, 07:47 pm

তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 19th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।

২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

May 25th, 09:14 am

২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দহোদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত তেওঁ দেশৰ বাবে ইঞ্জিন নিৰ্মাণ কাৰখানা উৎসৰ্গা কৰিব আৰু লগতে ইলেক্ট্ৰিক ইঞ্জিন এখনো ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে দাহোদত প্ৰায় ২৪ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে ভুজলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৪ বজাত ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰলৈ যাত্ৰা কৰিব আৰু ২৭ মে’ত পুৱা প্ৰায় ১১ বজাত গুজৰাট নগৰ বৃদ্ধিৰ কাহিনীৰ ২০ বছৰীয়া উদযাপনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বৰ্ষ ২০২৫ মুকলি কৰিব।এই উপলক্ষে তেওঁ সভাত ভাষণ দিব। সংযোগ বৃদ্ধি আৰু বিশ্বমানৰ ভ্ৰমণ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দহোদত ভাৰতীয় ৰে’লৱেৰ ইঞ্জিন নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। এই উদ্যোগটোৱে ঘৰুৱা কামৰ বাবে আৰু ৰপ্তানিৰ বাবে ৯০০০ এইচ পিৰ বৈদ্যুতিক ইঞ্জিন উৎপাদন কৰিব। তেওঁ উদ্যোগটোৰ পৰা নিৰ্মিত প্ৰথমখন বৈদ্যুতিক ইঞ্জিনকো ফ্লেগ অফ কৰিব। এই ইঞ্জিনসমূহে ভাৰতীয় ৰে’লৱেৰ মালবাহী বোজাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। এই ইঞ্জিনসমূহত পুনৰুত্পাদনশীল ব্ৰেকিং ব্যৱস্থা থাকিব, আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিৱেশৰ বহনক্ষমতাত অৰিহণা যোগায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে দহোদত ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰেল প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ বিভিন্ন প্ৰকল্প। তেওঁ ভেৰাভাল আৰু আহমেদাবাদৰ মাজত ভাণ্ডে ভাৰত এক্সপ্ৰেছ আৰু ভালছাদ আৰু দহোদ ষ্টেচনৰ মাজত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ভূজত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। শক্তি খণ্ডৰ পৰা অহা প্ৰকল্পসমূহৰ ভিতৰত খাভদা নবীকৰণযোগ্য শক্তি উদ্যানত উৎপাদিত নবীকৰণযোগ্য শক্তিক খালী কৰাৰ বাবে সংবহন প্ৰকল্প, সংবহন নেটৱৰ্ক সম্প্ৰসাৰণ, টাপিত আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট ইউনিট আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও কণ্ডলা বন্দৰৰ প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ একাধিক পথ, পানী আৰু সৌৰ প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰা হৈছে। গুজৰাটত নগৰ উন্নয়ন বৰ্ষ ২০০৫ চনটো আছিল তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পিত আন্তঃগাঁথনি, উন্নত শাসন, আৰু নগৰবাসীৰ বাবে উন্নত জীৱনৰ মানদণ্ডৰ জৰিয়তে গুজৰাটৰ নগৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এক প্ৰধান পদক্ষেপ। ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত নগৰ উন্নয়ন বৰ্ষ ২০২৫, গুজৰাটৰ নগৰ উন্নয়ন পৰিকল্পনা আৰু ৰাজ্যিক বিশুদ্ধ বায়ু কাৰ্যসূচী আৰম্ভ কৰিব। তেওঁ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ পিএমএৱাইৰ অধীনত ২২ হাজাৰৰো অধিক বাসগৃহ উচৰ্গা কৰিব। তদুপৰি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী শ্বহেৰী বিকাশ যোজনাৰ অধীনত গুজৰাটৰ নগৰীয়া স্থানীয় সংস্থাসমূহলৈ ৩৩০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব।

২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ

May 20th, 01:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে'ত ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ বিকানেৰলৈ যাব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ দেশন’কৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিব।

বিদ্যুৎ খণ্ডত কয়লা আৱণ্টনৰ বাবে সংশোধিত ‘শক্তি’ (ভাৰতত কয়ালাৰ স্বচ্ছ ব্যৱহাৰ আৰু আৱণ্টন আঁচনি) নীতিলৈ অনুমোদন জনাইছে কেবিনেটে

May 07th, 12:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে কেন্দ্ৰীয় খণ্ড/ৰাজ্যিক খণ্ড/ স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ তাপ বিদ্যুৎ প্ৰকল্পসমূহক নতুনকৈ কয়লা সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংশোধিত শক্তি নীতিৰ অধীনত নিম্নলিখিত দুখন উইণ্ডো-ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে:

২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 23rd, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 15th, 08:30 pm

যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে

February 15th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।

জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 26th, 09:30 am

লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,

প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে

July 26th, 09:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।

Today's budget has brought new opportunities, new energy: PM Modi

July 23rd, 02:57 pm

Prime Minister Narendra Modi praised the Budget 2024-25 as a forward-looking document that aims to enhance economic growth and social welfare. He highlighted the budget’s focus on infrastructure development, investment in education and healthcare, and support for small businesses. The PM emphasized that the budget reflects the government's commitment to inclusive growth and innovation, positioning India for a stronger economic future.

২০২৪-২৫ চনৰ বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

July 23rd, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব

February 09th, 05:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ দুপৰীয়া প্ৰায় ১২:৪০ বজাত মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়াভাৱে উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 01st, 11:00 am

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী ড০ জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী আৰ কে সিং, শ্ৰী জি কিষাণ ৰেড্ডী আৰু এই অনুষ্ঠানৰ সৈতে জড়িত সকলো সহকৰ্মী,

নেপালৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

June 01st, 12:00 pm

প্ৰথমে প্ৰধানমন্ত্ৰী প্ৰচন্দ জী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। মোৰ মনত আছে, যে ৯ বছৰ আগতে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ তিনিমাহৰ ভিতৰতে মই প্ৰথমবাৰৰ বাবে নেপাল ভ্ৰমণ কৰিছিলো। সেই সময়ত মই ভাৰত-নেপাল সম্পৰ্ক, HIT- Highways, I-ways, আৰু Trans-ways ৰ বাবে HIT সূত্ৰ এটা দিছিলোঁ। মই কৈছিলোঁ যে আমি ভাৰত আৰু নেপালৰ মাজত এনে সংযোগ স্থাপন কৰিম যাতে আমাৰ সীমান্ত আমাৰ মাজত বাধা হৈ নাযায়। ট্ৰাকৰ সলনি পাইপলাইনৰ জৰিয়তে তেল ৰপ্তানি কৰিব লাগে। ভাগ কৰা নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰিব লাগে। নেপালৰ পৰা ভাৰতলৈ বিদ্যুৎ ৰপ্তানিৰ সুবিধা সৃষ্টি কৰিব লাগে।

৯-১১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 08th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ গুজৰাটৰ লগতে ১১ অক্টোবৰতে মধ্যপ্ৰদেশো ভ্ৰমণ কৰিব।