উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
May 19th, 01:31 pm
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মেজৰ জেনেৰেল খাণ্ডুৰীয়ে সশস্ত্ৰ বাহিনীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে অমূল্য অৱদান আগবঢ়াই গৈছে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত উত্তৰাখণ্ডৰ উন্নয়নৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ ওপৰত আলোকপাত কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল প্ৰকৃততে অনুপ্ৰেৰণাদায়ক বুলি বৰ্ণনা কৰে। তেওঁ লগতে সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ দিশত তেওঁৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।সাংসদসকলক নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনীৰ সপক্ষে ভোটদান কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান আৰু ইয়াক ঐতিহাসিক সুযোগ বুলি অভিহিত
April 17th, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে নাৰী শক্তি বন্দন অধিনিয়মৰ সংশোধনী সন্দৰ্ভত বৰ্তমান সংসদত আলোচনা চলি আছে আৰু যোৱা নিশা ১ বজালৈকে আলোচনা অব্যাহত আছিল ।পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 12:00 pm
পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 11:45 am
অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
February 19th, 05:45 pm
আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে ১৮-১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত এ আই ইমপেক্ট সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আজি (১৯ ফেব্ৰুৱাৰী, ২০২৬ত) ভাৰত ভ্ৰমণলৈ আহিছে।২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণৰ পিছত এয়া তেওঁৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণ।The greatest pride of my life is that I am a karyakarta of the Bharatiya Janata Party: PM Modi at BJP HQ
January 20th, 11:16 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”PM Modi addresses BJP karyakartas at felicitation of New Party President
January 20th, 11:15 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 13th, 10:30 am
নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 13th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
September 11th, 08:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ আধ্যাত্মিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ বিশাল অৱদানৰ কথা স্মৰণ কৰে।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী
March 12th, 02:13 pm
২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰত-স্পেইনৰ যুটীয়া বিবৃতি’ (২৮-২৯ অক্টোবৰ, ২০২৪)
October 28th, 06:32 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰী পেদ্ৰো ছানচেজে ২৮-২৯ অক্টোবৰ, ২০২৪ তাৰিখে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতত থাকে। এয়া আছিল ৰাষ্ট্ৰপতি ছানচেজৰ প্ৰথমটো ভাৰত ভ্ৰমণ আৰু ১৮ বছৰৰ পিছত স্পেইন চৰকাৰৰ কোনো এগৰাকী ৰাষ্ট্ৰপতিৰো প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে পৰিবহন আৰু বহনক্ষম গতিশীলতা দপ্তৰৰ মন্ত্ৰী, উদ্যোগ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী আৰু এটা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-বৰ্গ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ দল উপস্থিত আছিল।India is the mother of democracy: PM Modi
September 15th, 06:32 pm
Vice President and Rajya Sabha Chairman, Shri M. Venkaiah Naidu, Prime Minister Shri Narendra Modi and Lok Sabha Speaker Shri Om Birla jointly launched Sansad TV. The Prime Minister termed the launch of Sansad TV a new chapter in the story of Indian democracy.উপ- ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভা অধ্যক্ষই যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে
September 15th, 06:24 pm
উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিড়লাই আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে।প্ৰধানমন্ত্ৰীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ সকলো ৰাজনৈতিক দলৰ সৈতে বৈঠকৰ অন্তত ৰাজ্যমন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিংহৰ বক্তব্য
June 24th, 11:53 pm
আজি মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা অলপ আগতে সমাপ্ত হৈছে। জম্মু-কাশ্মীৰৰ বিকাশ আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ দিশত এয়া এক অত্যন্ত ইতিবাচক প্ৰয়াস। বৈঠক বহুত ভাল বাতাবৰণত অনুষ্ঠিত হয়। সকলোৱে ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ সংবিধানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা প্ৰকাশ কৰে। গৃহমন্ত্ৰী ডাঙৰীয়াই জম্মু-কাশ্মীৰৰ স্থিতি, পৰিস্থিতি আৰু উন্নত হোৱা অৱস্থাৰ সৈতে সকলো নেতাক পৰিচিত কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ গাম্ভীৰ্যপূৰ্ণভাৱে প্ৰতিটো পক্ষ, প্ৰতিটো যুক্তি, প্ৰতিটো পৰামৰ্শ শুনে আৰু তেওঁ এই কথাৰ প্ৰশংসা কৰে যে সকলো জনপ্ৰতিনিধিয়ে মুক্ত মনেৰে নিজৰ নিজৰ বক্তব্য ৰাখে।