‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়ৰ ওপৰত বাজেটৰ পাছৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

February 27th, 01:01 pm

এই বছৰৰ প্ৰথম বাজেট ৱেবিনাৰত মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। যোৱা কেইটামান বছৰ ধৰি বাজেট ৱেবিনাৰ এক শক্তিশালী পৰম্পৰাত পৰিণত হৈছে। প্ৰায়ে বাজেট বিভিন্ন মাপকাঠীৰ ওপৰত মূল্যায়ন কৰা হয়, কেতিয়াবা ষ্টক বজাৰৰ পদক্ষেপৰ বিষয়ে কথা কোৱা হয়, কেতিয়াবা আয়কৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰাটো কেন্দ্ৰবিন্দু হৈ পৰে। সঁচা কথাটো হ’ল যে ৰাষ্ট্ৰীয় বাজেট এখন হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰ নহয়, ই এক নীতিগত ৰোডমেপ। সেয়েহে, বাজেটৰ ফলপ্ৰসূতাও দৃঢ় মাপকাঠিৰ ওপৰত বিচাৰ কৰিব লাগে। আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা, ঋণৰ প্ৰবাহ সহজ কৰা, ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা, প্ৰশাসনত স্বচ্ছতা বৃদ্ধি কৰা, জনসাধাৰণৰ জীৱন সহজ কৰা, তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা নীতিসমূহ। বাজেটত ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহে অৰ্থনীতিক স্থায়ী শক্তি প্ৰদান কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, বাজেটক পৃথকভাৱে চাব নালাগে, ই ৰাষ্ট্ৰ নিৰ্মাণৰ এক অবিৰত প্ৰক্ৰিয়া। প্ৰতিখন বাজেট এটা বৃহৎ লক্ষ্যৰ দিশত এক পদক্ষেপ আৰু আমাৰ সন্মুখত সেই ডাঙৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলা। প্ৰতিটো সংস্কাৰ, প্ৰতিটো আবণ্টন, প্ৰতিটো পৰিৱৰ্তনক এই দীঘলীয়া যাত্ৰাৰ অংশ হিচাপে চাব লাগিব। সেয়েহে, প্ৰতি বছৰে বাজেটৰ পাছত অনুষ্ঠিত হোৱা এই ৱেবিনাৰবোৰ অতি গুৰুত্বপূৰ্ণ। মোৰ আশা যে এই ৱেবিনাৰবোৰ ধাৰণাৰ আদান-প্ৰদানৰ মাজতে সীমাবদ্ধ নহ’ব, বৰঞ্চ ই এক ফলপ্ৰসূ চিন্তা-চৰ্চাৰ অনুশীলন হ’ব। আপোনাৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত পৰামৰ্শসমূহে নিশ্চিতভাৱে অৰ্থনৈতিক কৌশলসমূহ অধিক উন্নত কৰাত আৰু সমাধান বিচাৰি উলিওৱাত সহায় কৰিব। যেতিয়া উদ্যোগ, শিক্ষাবিদ, বিশ্লেষক আৰু নীতি নিৰ্ধাৰকসকলে একেলগে চিন্তা কৰে, আঁচনিসমূহৰ ৰূপায়ণ উন্নত হয়, ফলাফলবোৰ অধিক সঠিক হয়। সেয়াই এই ৱেবিনাৰ শৃংখলাৰ আঁৰৰ মনোভাৱ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয় সন্দৰ্ভত বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ

February 27th, 11:30 am

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৬-২৭ শৃংখলাৰ প্ৰথম বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।

দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনত বিশ্বনেতাসকলক আদৰণি প্ৰধানমন্ত্ৰীৰ

February 16th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ নেতাসকল, উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকল, উদ্ভাৱক, নীতি নিৰ্ধাৰক, গৱেষক তথা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী লোকসকলক আদৰণি জনায়।

৭ আগষ্টত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব

August 06th, 12:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্টত নতুন দিল্লীৰ আইচিএআৰ পুছাত পুৱা ৯ বজাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ভাষণো প্ৰদান কৰিব।