Today, BJP stands for good governance and last-mile delivery: PM Modi

April 06th, 12:30 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

PM Modi addresses Party Karyakartas on BJP Sthapana Diwas

April 06th, 12:00 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

গুজৰাটত মাইক্ৰন ছেমিকণ্ডাক্টৰ টেকন’লজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সুবিধা উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 28th, 02:45 pm

বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি ইয়াত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। এআই সন্মিলনে ভাৰতৰ এআই সম্ভাৱনাৰ সৈতে বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ বিপৰীতে আজি প্ৰযুক্তিৰ নেতৃত্বৰ বিষয়ত ভাৰতৰ দায়বদ্ধতাৰ আন এক প্ৰমাণ দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সানন্দত মাইক্ৰন প্ৰযুক্তিৰ অৰ্ধপৰিবাহী সমাবেশ, পৰীক্ষা আৰু পেকেজিং (এটিএমপি) সুবিধা উদ্বোধন কৰে

February 28th, 02:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত মাইক্ৰন এ টি এম পি (এছেম্বলি, টেষ্ট, মাৰ্কিং, এণ্ড পেকেজিং) সুবিধা উদ্বোধন কৰে। বাণিজ্যিক উৎপাদন আৰম্ভ হোৱা এই উল্লেখনীয় অনুষ্ঠানটোৱে ভাৰতৰ বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ দিশত যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। “এআই শীৰ্ষ সন্মিলনে বিশ্বক ভাৰতৰ এআইৰ দক্ষতাৰ সৈতে পৰিচয় কৰাই দিলে, এয়া প্ৰযুক্তিৰ নেতৃত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 27th, 08:30 pm

আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে

February 27th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।

ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

February 13th, 08:30 pm

গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।

ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

February 13th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।

ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা

August 29th, 08:12 pm

আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।

ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 29th, 11:20 am

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে

August 29th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।

ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ

August 05th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।

প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে

June 16th, 02:17 am

, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।

চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

June 15th, 11:10 pm

প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 02nd, 05:34 pm

আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে

June 02nd, 05:00 pm

বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।

Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

May 27th, 11:30 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 27th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।

গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

March 07th, 05:34 pm

আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।

‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

March 07th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।