সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 13th, 06:55 pm

আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে

February 13th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

ৰায়পুৰত ৬০ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 30th, 05:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰায়পুৰৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অনুষ্ঠিত ৬০ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰে। তিনিদিনীয়া এই সন্মিলনৰ মূল বিষয় হৈছে ‘বিকশিত ভাৰত: নিৰাপত্তাৰ মাত্ৰা’।

নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 07:00 pm

মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 09:00 am

আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

আৰক্ষী স্মাৰক দিৱসত সাহসী আৰক্ষী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

October 21st, 09:10 am

আৰক্ষী স্মাৰক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আৰক্ষী জোৱানসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ অটল উৎসৰ্গাৰ মনোভাৱক স্মৰণ কৰে।

ভূৱনেশ্বৰত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিতব্য আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 29th, 09:54 am

ওড়িশাৰ ভূৱনেশ্বৰৰ ‘লোকসেৱা ভৱন’ৰ ‘ৰাজ্যিক সন্মিলন কেন্দ্ৰ’ত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ'বলগীয়া ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন আৰক্ষীপ্ৰধান প্ৰকাশ সিঙৰ

September 03rd, 10:51 am

প্ৰাক্তন আৰক্ষীপ্ৰধান শ্ৰী প্ৰকাশ সিঙে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ

August 31st, 10:30 am

কাৰ্যসূচীত উপস্থিত থাকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ জী, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, ন্যায়াধীশ বি আৰ গাৱৈ জী, দেশৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, এটৰ্নী জেনেৰেল আৰ ভেংকট ৰমণি জী, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত। কপিল ছিবাল জী, ভাৰতীয় বাৰ কাউন্সিলৰ সভাপতি ভাই মনন কুমাৰ মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, জিলা ন্যায়াধীশ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

August 31st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।

PM Modi's conversation with Lakhpati Didis in Jalgaon, Maharashtra

August 26th, 01:46 pm

PM Modi had an enriching interaction with Lakhpati Didis in Jalgaon, Maharashtra. The women, who are associated with various self-help groups shared their life journeys and how the Lakhpati Didi initiative is transforming their lives.

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি বাইদেউ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

August 25th, 01:00 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ, দেশৰ কৃষি মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ, এই ভূমিৰ সন্তান প্ৰতাপ ৰাও যাদৱ, এই ভূমিৰ সন্তান ভগ্নী ৰক্ষা খাদছে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ ডাঙৰীয়া, দেৱেন্দ্ৰ ফাদনৱিছ ডাঙৰীয়া, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, মাতৃ আৰু ভগ্নীসকল; যিয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। মই যিমানদূৰ চকুৰে মণিব পাৰিছোঁ, সকলোতে মাতৃসকলক দেখিছোঁ। মোক এই দৃশ্যই প্ৰশান্তি প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 25th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে বৰ্তমান চৰকাৰৰ তৃতীয় কাৰ্যকালত শেহতীয়াকৈ লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখপতি দিদিৰ সৈতেও মত বিনিময় কৰে। শ্ৰী মোদীয়ে ২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলি কৰে, যাৰ জৰিয়তে ৪.৩ লাখ আত্মসহায়ক গোটৰ (এছএইচজি) প্ৰায় ৪৮ লাখ সদস্য উপকৃত হয়। লগতে তেওঁ ৫,০০০ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে যিয়ে ২.৩৫ লাখ আত্মসহায়ক গোটৰ ২৫.৮ লাখ সদস্যক উপকৃত কৰিব। লাখপতি দিদী যোজনাৰ আৰম্ভণিৰ পৰাই ইতিমধ্যে এক কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলা হৈছে আৰু বৰ্তমান চৰকাৰে তিনি কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৬-৭ জানুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব

January 04th, 12:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ আৰু ৭ জানুৱাৰী, ২০২৪ ত জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ২০২৩ চনৰ সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব।

চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি লাভ কৰাসকলৰ মাজত ৫১০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

August 28th, 11:20 am

স্বাধীনতাৰ এই অমৃত কালত দেশৰ স্বাধীনতাৰ অমৃত-ৰক্ষক আৰু দেশৰ কোটি কোটি লোকৰ অমৃত-ৰক্ষক হোৱাৰ বাবে আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছোঁ। মই আপোনাসৱক 'অমৃত ৰক্ষক' বুলি অভিহিত কৰিছোঁ, কাৰণ আজি নিযুক্তি-পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলে কেৱল দেশৰ সেৱাই নহয়, দেশৰ নাগৰিকসকলকো সুৰক্ষা দিব। সেয়েহে, এক প্ৰকাৰে, আপোনাসৱো এই অমৃত কালৰ লোক আৰু অমৃত-ৰক্ষক।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ “আপোনালোকৰ এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”

August 28th, 10:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই ৰোজগাৰ মেলা দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হয়। এই ৰোজগাৰ মেলা অনুষ্ঠানৰ জৰিয়তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি), অসম ৰাইফলছ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), কেন্দ্ৰীয় উদ্যোগ নিৰাপত্তা বাহিনী (চিআইএছএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ লগতে দিল্লী আৰক্ষীৰ জোৱান নিযুক্তি দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি হোৱা নতুনকৈ নিযুক্তি পোৱা সকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন সংস্থাত কনিষ্টবল (জেনেৰেল ডিউটি), উপ-পৰিদৰ্শন (জেনেৰেল ডিউটি) আৰু নন-জেনেৰেল ডিউটি কেডাৰ পদত যোগদান কৰিব।

উত্তৰপ্ৰদেশৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

February 26th, 12:01 pm

এই কেইদিন ৰোজগাৰ মেলা মোৰ বাবে এক বিশেষ কাৰ্যসূচীত পৰিণত হৈছে৷ বিগত কেইমাহমান ধৰি দেখি আহিছো যে প্ৰতি সপ্তাহত বিজেপি শাসিত যিকোনো এখন ৰাজ্যত ৰোজগাৰ মেলা অনুষ্ঠিত হৈ আহিছে আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীক ৰোজগাৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰি থকা হৈছে৷ মোৰ সৌভাগ্য এই যে মই তেওঁলোকৰ সাক্ষী হ’ব পাৰিছো৷ এই প্ৰতিভাশালী যুৱক-যুৱতী, চৰকাৰী ব্যৱস্থাত নতুন চিন্তাধাৰা লৈ আহিছে, সক্ষমতা বৃদ্ধিত সহায় কৰিছে৷

উত্তৰ প্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰৰ ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই মেলাত উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ পৰিদৰ্শক আৰু নাগৰিক আৰক্ষী, প্লাটুন কমাণ্ডাৰ তথা অগ্নিনিৰ্বাপক বাহিনীৰ দ্বিতীয় বিষয়াৰ সমতুল্য পদৰ বাবে প্ৰত্যক্ষ নিয়োগৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

২১-২২ জানুৱাৰীত সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/ মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 20th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২১-২২ জানুৱাৰীত নতুন দিল্লীৰ পুছাস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব।