PM Modi extends greetings to Sashastra Seema Bal personnel on Raising Day
December 20th, 11:29 am
The Prime Minister, Narendra Modi, has extended his greetings to all personnel associated with the Sashastra Seema Bal on their Raising Day.প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগজনৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে
December 03rd, 04:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগ ভ্ৰাতৃ-ভগ্নীসকলৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। শ্ৰী মোদীয়ে কয় যে দিব্যাংগসকলে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰে একাধিক খণ্ডত নিজকে বিশিষ্ট কৰি তুলিছে তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। বিগত বৰ্ষসমূহত ভাৰতে আইন, সুগম আন্তঃগাঁথনি, সৰ্বাংগীন শিক্ষা নীতি আৰু সহায়ক প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক সময়তো তেওঁলোকৰ সুবিধাৰ্থে আমি অধিক কাম কৰি যাম, শ্ৰী মোদীয়ে কয়।জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 03rd, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজেন্দ্ৰ প্ৰসাদ জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ পৰা সংবিধান সভাৰ অধ্যক্ষতা কৰি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱালৈকে তেওঁ অতুলনীয় মৰ্যাদা, নিষ্ঠা আৰু উদ্দেশ্যৰ স্পষ্টতাৰে আমাৰ ৰাষ্ট্ৰৰ সেৱা কৰিছিল। ৰাজহুৱা জীৱনত তেওঁৰ দীঘলীয়া জীৱন সৰলতা, সাহস আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সমৰ্পণৰ দ্বাৰা চিহ্নিত হৈছিল। তেওঁৰ আদৰ্শমূলক সেৱা আৰু দৃষ্টিভংগীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে কাশী তামিল সংগমমলৈ শুভেচ্ছা জ্ঞাপন কৰে
December 02nd, 07:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা আৰম্ভ হোৱা কাশী তামিল সংগমমলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে এই স্পন্দনশীল কাৰ্য্যসূচীয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক গভীৰ কৰি তোলে। সংগমমলৈ আগমন ঘটা সকলোৰ যেন কাশীৰ অভিজ্ঞতা সন্তোষজনক আৰু স্মৰণীয় হৈ উঠে, তাৰেই কামনা কৰিলো!, শ্ৰী মোদীয়ে কয়।অসম দিৱস উপলক্ষে অসমৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
December 02nd, 03:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম দিৱস উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। ‘যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব’, শ্ৰী মোদীয়ে লগতে কয়।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু শ্ৰীমতী জোডি হেডনক তেওঁলোকৰ বিয়াৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
November 29th, 09:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ পৰম মিত্ৰ তথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু মিছেছ জোডি হেডনক তেওঁলোকৰ বিয়া উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।দৃষ্টিহীন মহিলা টি-২০বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ
November 28th, 10:15 am
এই গান গাই বুলি আপুনি কেনেকৈ জানিলেভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়
November 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সংকল্পক স্বীকাৰ কৰি আত্মবিশ্বাসেৰে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁলোকক উৎসাহিত কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যোৱা লোকসকলে কেৱল ক্ৰীড়াক্ষেত্ৰতেই নহয়, জীৱনতো কেতিয়াও বিফল নহয়। তেওঁ উল্লেখ কৰে যে খেলুৱৈসকলে তেওঁলোকৰ নিজৰ পৰিচয় গঢ় দিছিল, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰিছিল।প্ৰধানমন্ত্ৰীয়ে দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰে
November 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে পৰম আগ্ৰহেৰে মত-বিনিময় কৰে। খেলুৱৈসকলে প্ৰতিযোগিতাখনত নিজ-নিজ অভিজ্ঞতাসমূহ ব্যক্ত কৰে।প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় বধিৰ অলিম্পিয়ানসকলক অভিনন্দন জনায়
November 27th, 05:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বধিৰ অলিম্পিয়ানসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 24th, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃষ্টিহীন মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন প্ৰতিযোগিতা জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়ধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
November 24th, 11:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।কাশী সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 21st, 03:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ সকলো বিজয়ী আৰু অংশগ্ৰহণকাৰীক তেওঁৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।ষঠ পূজাৰ পবিত্ৰ খৰনা অনুষ্ঠানক লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
October 26th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপৰ্ব ষঠৰ সময়ত পালন কৰা উল্লেখযোগ্য অনুষ্ঠান শুভ ‘খৰনা’ উপলক্ষে সকলো ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ উৎসৱৰ লগত জড়িত কঠোৰ উপবাস আৰু ৰীতি-নীতি পালন কৰা সকলোকে তেওঁ সন্মানেৰে শ্ৰদ্ধা ঞ্জাপন জনায়।প্ৰধানমন্ত্ৰীয়ে বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ৰড্ৰিগো পাজ পেৰেইৰাক অভিনন্দন জনায়
October 21st, 06:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ৰড্ৰিগো পাজ পেৰেইৰাক উষ্ম অভিনন্দন জনায়।জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 21st, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।Prime Minister calls on the President on occasion of Diwali
October 20th, 09:53 pm
The Prime Minister, Shri Narendra Modi called on Rashtrapati Ji and conveyed greetings on the auspicious occasion of Diwali.দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনাবলৈ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 20th, 07:52 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
October 12th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।মুখ্যমন্ত্ৰী হিচাপে ১৫ বছৰ সম্পূৰ্ণ কৰা শ্ৰী এন চন্দ্ৰবাবু নাইডুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 11th, 10:15 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ ভৱিষ্যতদৰ্শী দৃষ্টিভংগী আৰু সুশাসনৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে, যি তেওঁৰ সমগ্ৰ ৰাজনৈতিক কেৰিয়াৰত নিৰৱচ্ছিন্ন হৈ আছে। শ্ৰী মোদীয়ে ২০০০ৰ দশকৰ আৰম্ভণিৰ পৰা শ্ৰী নাইডুৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে, যেতিয়া দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ নিষ্ঠাক প্ৰশংসা কৰে।