শ্ৰী অজয় ৰায়ৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ
May 02nd, 07:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অজয় ৰায়ৰ আশু আৰোগ্য কামনা কৰে।অধ্যাপক গোবৰ্ধন দাসৰ নিযুক্তিত অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 25th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোবৰ্ধন দাসক নিটি আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। শ্ৰী মোদীয়ে কয় যে নিৰলস নিষ্ঠা আৰু নম্ৰতাৰ দ্বাৰা চিহ্নিত দাসৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ অধ্যাপক দাসৰ জনস্বাস্থ্য, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি তেওঁৰ অৱদানৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি কয়।Prime Minister extends best wishes on reconstitution of NITI Aayog
April 25th, 10:46 pm
The Prime Minister, Shri Narendra Modi, expressed his best wishes on reconstitution of NITI Aayog. He noted that NITI Aayog has emerged as a vital pillar in India’s policy-making architecture, fostering cooperative federalism, driving key reforms, and enhancing the ‘Ease of Living’ for citizens. The institution continues to serve as a dynamic platform for innovation and long-term strategic thinking across sectors.পুথাণ্ডু উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিলে
April 14th, 09:21 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পুথাণ্ডু উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।ৰাজ্যসভাত মনোনয়ন লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ শ্ৰী হৰিবংশলৈ শুভেচ্ছা
April 10th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত হোৱা শ্ৰী হৰিবংশৰ আগন্তুক সংসদীয় কাৰ্যকালৰ বাবে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 10th, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 26th, 12:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে ত্যাগ, তপস্যা আৰু আত্মসংযমৰ দ্বাৰা চিহ্নিত মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামৰ জীৱনে মানুহক সামৰ্থ্য আৰু সংকল্পৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে।সকলোকে ঈদ-উল-ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 21st, 08:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঈদ-উল-ফিতৰ উপলক্ষ্যে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।কাটাৰৰ আমিৰৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 19th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ মহামহিম শ্বেইখ তামিম বিন হামাদ আল থানীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে আঞ্চলিক নিৰাপত্তাৰ বিষয়ত আলোচনা কৰে।গুড়ী পাড়ৱা, উগাদি, চেটি চান্দ, নৱৰেহ আৰু ছাজিবু চেইৰাওবা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
March 19th, 08:46 am
গুড়ী পাড়ৱা, উগাদি, চেটি চান্দ, নৱৰেহ আৰু ছাজিবু চেইৰাওবা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।নৱ সম্বৎসৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন
March 19th, 08:03 am
প্ৰধানমন্ত্ৰীয়ে শুভ নৱ সম্বৎসৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু সমৃদ্ধি তথা ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি এক নৱ প্ৰতিশ্ৰুতিৰে ভৰা বছৰ কামনা কৰে।নেপালত নিৰ্বাচনী সফলতাৰ বাবে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতাসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে
March 09th, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ ৰবি লমিচানে আৰু আৰ এছ পিৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহ ডাঙৰীয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয় কৰা টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 08th, 11:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট টীমক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে এই উল্লেখযোগ্য জয়ে অসামান্য দক্ষতা, দৃঢ়তা আৰু টীমৱৰ্কৰ প্ৰতিফলন ঘটাইছে। তেওঁ উল্লেখ কৰে যে টীমটোৱে প্ৰতিযোগিতাখনত অসাধাৰণ ধৈৰ্য্য প্ৰদৰ্শন কৰিছে।Prime Minister extends warm wishes on the occasion of Attukal Pongala
March 03rd, 07:13 pm
The Prime Minister, Shri Narendra Modi has extended his warm wishes to the people on the sacred occasion of Attukal Pongala.উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
February 20th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।পবিত্ৰ ৰমজান মাহ উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
February 18th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিতে ভাৰতবাসী আৰু বিশ্ব সমাজলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
January 28th, 02:39 pm
আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 28th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।