ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ মন্তব্য

October 24th, 11:20 am

এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 04th, 10:45 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধনেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ যুৱ-কেন্দ্ৰিক পদক্ষেপৰাজিৰ শুভাৰম্ভ কৰে

October 04th, 10:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীগৰাকীয়ে সমগ্ৰ দেশৰ আইটিআই সমূহৰ সৈতে জড়িত লাখ-লাখ ছাত্র-ছাত্রীৰ লগতে বিহাৰৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক শুভেচ্ছা জ্ঞাপনেৰে কয় যে কেইবছৰমান পূর্বে চৰকাৰে আইটিআই সমূহৰ ছাত্র-ছাত্রী সকলৰ বাবে বৃহৎ-পৰিসৰৰ সমাৱৰ্তন অনুষ্ঠান আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:39 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

August 22nd, 12:00 pm

বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

August 22nd, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ ভাষণঃ ২০৪৭ৰ ভিতৰত এখন বিকশিত ভাৰতৰ বাবে এক সপোন

August 15th, 11:58 am

৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ১০৩ মিনিটৰ আটাইতকৈ দীঘলীয়া আৰু নিৰ্ণায়ক ভাষণ প্ৰদান কৰি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক সাহসী ৰোডমেপ প্ৰদান কৰে।আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু নাগৰিক সবলীকৰণৰ ওপৰত কঠোৰ মনোনিৱেশ কৰি প্ৰধানমন্ত্ৰীয়ে আনৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ পৰা বৈশ্বিক আত্মবিশ্বাসী, প্ৰযুক্তিগতভাৱে উন্নত আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ দেশ গঢ়াত গুৰুত্ব প্ৰদান কৰে।