গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব গুজৰাটৰ নৰ্মদা জিলা

November 14th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

নৱ ৰায়পুৰত ছত্তীশগড় ৰজত মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

November 01st, 03:30 pm

ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, ৰাজ্যৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহযোগী জুৱেল ওৰাং, দুৰ্গাজী সাহাছ, টা উ ৰাজ্য বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, দুৰ্গা দাস উইকে, টোখান সাহু, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, বিজয় শৰ্মা ,উপস্থিত মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ছত্তীশগড়ৰ অসংখ্যক ভাই-ভনীসকলক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 01st, 03:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন ৰায়পুৰত ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে। তেওঁ ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক আৰু ৰূপান্তৰশীল প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়বাসীক সম্ভাষণ জনাই কয় যে আজি ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে তেওঁ সমূহ ছত্তীশগড়বাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 27th, 11:45 am

কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন

September 27th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত

August 15th, 03:52 pm

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:00 am

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

India celebrates 79th Independence Day

August 15th, 06:45 am

PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.

বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

July 18th, 11:50 am

বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে

July 18th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

ওড়িশাৰ ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে্য অনুষ্ঠিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

June 20th, 04:16 pm

ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে

June 20th, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

From the land of Sindoor Khela, India showcased its strength through Operation Sindoor: PM Modi in Alipurduar, West Bengal

May 29th, 02:00 pm

PM Modi addressed a public meeting in Alipurduar, West Bengal. He ignited the spirit of the people urging them to take charge of shaping a prosperous future for Bengal & India. He lambasted the TMC for shielding corrupt leaders and appealed to the people to reject TMC. The PM invoked the Bengal’s spirit by saying “From the land of Sindoor Khela, India showcased its strength through Operation Sindoor.”

PM Modi rallies in Alipurduar, West Bengal with a resounding Call to Action

May 29th, 01:40 pm

PM Modi addressed a public meeting in Alipurduar, West Bengal. He ignited the spirit of the people urging them to take charge of shaping a prosperous future for Bengal & India. He lambasted the TMC for shielding corrupt leaders and appealed to the people to reject TMC. The PM invoked the Bengal’s spirit by saying “From the land of Sindoor Khela, India showcased its strength through Operation Sindoor.”

গুজৰাটৰ দাহোদত বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

May 26th, 11:45 am

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই, ৰেল মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ কেবিনেটৰ মোৰ সকলো সহযোগী, সাংসদসকল, বিধানসভাৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু দহোদৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা

May 26th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত ২৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সমাৱেশত সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে ২৬মে'ৰ বিশেষ গুৰুত্ব আছে কিয়নো ই ২০১৪চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে এই দিনটোতে শপত গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা গুজৰাটৰ জনসাধাৰণৰ অটল সমৰ্থন আৰু আশীৰ্বাদক তেওঁ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশ্বাস আৰু উৎসাহে অহৰ্নিশে দেশৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণক উজ্জীৱিত কৰিছে। বছৰ বছৰ ধৰি, ভাৰতে কেইবা দশক পুৰণি বাধা নেওচি অভূতপূৰ্ব আৰু অকল্পনীয় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু প্ৰতিটো খণ্ডতে প্ৰগতিৰ দিশে ধাৱমান হৈছে। আজি ৰাষ্ট্ৰখন হতাশা আৰু অন্ধকাৰৰ যুগৰ পৰা আত্মবিশ্বাস আৰু আশাবাদৰ এক নতুন যুগলৈ ধাৱিত হৈছে, তেওঁ লগতে কয়। ১৪০ কোটি ভাৰতীয় বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী নিৰ্মাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰশীলতা হৈছে সময়ৰ প্ৰয়োজন। তেওঁ ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দুয়োটাই ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতে গোলকীয় উৎপাদন খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। ভাৰতে এতিয়া স্মাৰ্টফোন, গাড়ী, পুতলা, প্ৰতিৰক্ষা সঁজুলি আৰু ঔষধকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি আছে। তেওঁ লগতে কয় যে ভাৰতে কেৱল ৰে’ল আৰু মেট্ৰ’ প্ৰযুক্তি নিৰ্মাণ কৰাই নহয় বৰঞ্চ ইয়াক গোলকীয়ভাবে ৰপ্তানি কৰি আছে। হাজাৰ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু মুকলি কৰা দহোদক এই প্ৰগতিৰ এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে দহোদ বৈদ্যুতিক লোকোমোটিভ ফেক্টৰীক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে উল্লেখ কৰে। তেওঁ তিনি বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি প্ৰথমটো বৈদ্যুতিক ইঞ্জিন এতিয়া সফলতাৰে নিৰ্মাণ কৰা বুলি গৌৰৱ প্ৰকাশ কৰে। গুজৰাট আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰি তেওঁ লোকোমোটিভটোৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি, গুজৰাট ইয়াৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰি তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে আৰু এই কৃতিত্বৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনায়।