অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।নতুন দিল্লীৰ কৃষি কাৰ্যসূচীত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
October 12th, 06:45 pm
ৰাম-ৰাম! মই হাৰিয়ানাৰ হিছাৰ জিলাৰ। কাবুলী বুটেৰে খেতি আৰম্ভ কৰিছো। প্ৰথম অৱস্থাত মাত্ৰ অলপকৈ...কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
October 12th, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক কৃষি কাৰ্যসূচীত কৃষকসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীয়ে কৃষক কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনি মুকলিৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ২৪,০০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ ১১,৪৪০ কোটি টকা ব্যয়সাপেক্ষ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮১৫ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কৃষি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৫,৪৫০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত পিএম ধন ধান্য কৃষি যোজনাৰ শুভাৰম্ভণি আৰু প্ৰকল্পৰাজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 11th, 12:30 pm
মঞ্চত উপৱিষ্ট কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, প্ৰযুক্তিৰ জৰিয়তে অংশগ্ৰহণ কৰা ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়া, শ্ৰী ভগীৰথ চৌধাৰী ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন-আন বিশিষ্ট ব্যক্তি তথা দেশৰ ভিন্ন প্ৰান্তৰ মোৰ সকলো কৃষক ভাই-ভনী।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫,৪৪০ কোটি টকা ব্যয় সাপেক্ষে কৃষি খণ্ডৰ দুই প্ৰধান আঁচনিৰ শুভাৰম্ভ কৰে
October 11th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।১১ অক্টোবৰত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 10th, 06:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব।৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত
August 15th, 03:52 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।India celebrates 79th Independence Day
August 15th, 06:45 am
PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।