কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 25th, 06:16 pm
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 02nd, 10:40 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 12th, 11:30 am
কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 12th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।