গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 13th, 05:30 pm

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে

March 13th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 01:20 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগোৱাৰ আহ্বান জনায়

November 16th, 09:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানত গতি প্ৰদান কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

‘এইচপিচিএল’-ৰ অসমৰ গোৱালপাৰাস্থিত ‘এলপিজি বটলিং প্ৰকল্প’টো ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

April 13th, 10:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এইচপিচিএল’ৰ অসমৰ গোৱালপাৰাস্থিত ‘এলপিজি বটলিং প্ৰকল্প’টো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা কাৰ্যৰ প্ৰশংসা কৰে, আৰু কয় যে ই অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপভোক্তাসকলক যথেষ্ট সহায় কৰিব।

PM reiterates the pledge to preserve the planet’s rich biodiversity

June 05th, 12:20 pm

On the occasion of World Environment Day, the Prime Minister, Shri Narendra Modi in a tweet said, “On #World Environment Day, we reiterate our pledge to preserve our planet’s rich biopersity.