মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 02nd, 05:34 pm

আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে

June 02nd, 05:00 pm

বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।

চাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে'লৰ যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু ট্ৰেইন লোকো পাইলটৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

January 05th, 08:50 pm

এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্য

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো ভাৰত ৰেলত ছাত্ৰ-ছাত্ৰী আৰু লোকো পাইলটৰ সৈতে মত বিনিময় কৰে

January 05th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ নমো ভাৰত ৰেলত যাত্ৰা কৰে। যাত্ৰাৰ সময়ছোৱাত তেওঁ যুৱ বন্ধুসকলৰ সৈতে আন্তৰিকতাৰে ভাৱৰ আদান-প্ৰদান কৰে, যিয়ে তেওঁক কেইবাখনো চিত্ৰ আৰু শিল্পকৰ্ম উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী আৰু উদীয়মান ভাৰতৰ বিষয়ে কবিতা আবৃত্তি কৰা এগৰাকী কণমানি ছোৱালীৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এজন ল’ৰাৰ সৈতেও মত বিনিময় কৰে, যিয়ে তেওঁক এখন ছবি উপহাৰ দিয়ে। ল’ৰাজন হৈছে চৰকাৰৰ পৰা ঘৰৰ সুবিধা লাভ কৰা এটা হিতাধিকাৰী পৰিয়ালৰ সন্তান। প্ৰধানমন্ত্ৰীয়ে নতুন ঘৰটোৰ অগ্ৰগতিৰ বুজ লয় আৰু শুভেচ্ছা জনালে। আন এগৰাকী কণমানি ছোৱালীয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে কবিতা আবৃত্তি কৰে, যাৰ বাবে তেওঁ ছোৱালীগৰাকীক প্ৰশংসা কৰে।

Only BJP can provide the pace of development needed for the country: PM Modi in Ajmer

April 06th, 03:00 pm

Prime Minister Narendra Modi addressed a public gathering in Ajmer, Rajasthan, highlighting the rich cultural heritage and significant strides towards development in the region of Ajmer-Nagaur. Speaking on the auspicious occasion of the Sthapana Diwas of the BJP, PM Modi emphasized the spiritual significance and valorous history of the region, paying homage to revered figures like Veer Tejaji Maharaj, Meera Bai, and Prithviraj Chauhan.

Prime Minister Narendra Modi addresses a public meeting in Ajmer, Rajasthan

April 06th, 02:30 pm

Prime Minister Narendra Modi addressed a public gathering in Ajmer, Rajasthan, highlighting the rich cultural heritage and significant strides towards development in the region of Ajmer-Nagaur. Speaking on the auspicious occasion of the Sthapana Diwas of the BJP, PM Modi emphasized the spiritual significance and valorous history of the region, paying homage to revered figures like Veer Tejaji Maharaj, Meera Bai, and Prithviraj Chauhan.

ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 12th, 02:15 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন

March 12th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।

নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 27th, 04:30 pm

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।