তামিলনাডুৰ মাদুৰাইত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 03:30 pm
পবিত্ৰ আৰু ঐতিহাসিক চহৰ মাদুৰাইত উপস্থিত হৈ মই নিজে সন্মানিত অনুভৱ কৰিছো। মই মীনাক্ষী আম্মান আৰু ভগৱান সুন্দৰেশ্বৰক প্ৰণাম জনাইছো। তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত আজিৰ এই অনুষ্ঠান এক গৌৰৱৰ অধ্যায় হিচাপে চিহ্নিত হৈছে। আমি আজি চাৰি হাজাৰ চাৰিশ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গাও কৰিছো। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনীতিৰ বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব। কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য লৈ বজাৰত উপনীত হোৱাৰ উন্নত পথ লাভ কৰিছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে যাত্ৰা সহজ কৰাটো হৈ পৰিছে। ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ সম্ভৱ হৈছে। উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে জনসাধাৰণক সৱলীকৰণ কৰা।মাদুৰাইত ৪,৪০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ৪,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৱিত্ৰ চহৰ মাদুৰাইত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা হৈছে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাত পৰিৱৰ্তন আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব, যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক সৱলীকৰণ কৰা। শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহৰ অৰ্থ হৈছে কৃষকসকলৰ সামগ্ৰী উলিয়াই বজাৰলৈ যোৱাৰ বাবে উন্নত পথ, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে সুগম যাত্ৰা আৰু ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।৬ জুনত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুনত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব। অঞ্চলটোত ৰে’ল আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১ বজাত চেনাব দলং উদ্বোধন কৰাৰ লগতে দলঙৰ ডেক পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে তেওঁ আঞ্জি দলং পৰিদৰ্শন কৰাৰ লগতে উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত তেওঁ কাট্ৰাত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।আমাৰ চৰকাৰ ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
January 13th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে স্বাক্ষৰিত হজ চুক্তি,২০২৫ক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই চুক্তি ভাৰতৰ হজযাত্ৰীসকলৰ বাবে এক ভাগললগা খবৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
June 29th, 01:06 pm
পৱিত্ৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।PM praises devotees' spirit of keeping places of pilgrimage clean
May 30th, 08:30 pm
The Prime Minister has appreciated the growing spirit among the pilgrims to keep the places of worship clean.Start-ups are reflecting the spirit of New India: PM Modi during Mann Ki Baat
May 29th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi expressed his joy over India creating 100 unicorns. PM Modi said that start-ups were reflecting the spirit of New India and he applauded the mentors who had dedicated themselves to promote start-ups. PM Modi also shared thoughts on Yoga Day, his recent Japan visit and cleanliness.২০অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু কুশীনগৰ বিমান বন্দৰৰ শুভ উদ্বোধন ঘোষণা কৰিব
October 19th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।Didi talking about 'Duare Sarkar' but she will be shown door on May 2: PM Modi in Kanthi, West Bengal
March 24th, 11:03 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.PM Modi addresses public meeting at Kanthi, West Bengal
March 24th, 11:00 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 24th, 10:49 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ শ্ৰী চি. আৰ. পাটিল জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়কসকলৰ লগতে মোৰ কৃষক ভাই-ভনীসকল, গুজৰাটৰ ভাই-ভনীসকল৷গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 24th, 10:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কৃষকসমাজৰ বাবে দিনৰ ১৬ ঘণ্টা ধৰি পানী যোগান ধৰিব পৰা ‘কিষাণ সূৰ্যোদয় যোজনা’ শীৰ্ষক আঁচনিখনো মুকলি কৰে। একেটা অনুষ্ঠানতে তেওঁ ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’ এখন মুকলি কৰাৰ লগতে ‘আহমেদাবাদ অসামৰিক চিকিত্সালয়’ত ‘টেলি-কাৰ্ডিঅ’লজী সেৱা’ আগবঢ়াব পৰা এটা ‘মোবাইল এপ্’-ৰো শুভাৰম্ভ ঘোষণা কৰে।Lasting solutions can come from the ideals of Lord Buddha: PM Modi
July 04th, 09:05 am
PM Narendra Modi addressed Dharma Chakra Diwas celebration via video conferencing. He said, Buddhism teaches respect — Respect for people. Respect for the poor. Respect for women. Respect for peace and non-violence. Therefore, the teachings of Buddhism are the means to a sustainable planet.PM Modi addresses Dharma Chakra Diwas celebration via video conferencing
July 04th, 09:04 am
PM Narendra Modi addressed Dharma Chakra Diwas celebration via video conferencing. He said, Buddhism teaches respect — Respect for people. Respect for the poor. Respect for women. Respect for peace and non-violence. Therefore, the teachings of Buddhism are the means to a sustainable planet.