ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।আদি শংকৰাচাৰ্য্যলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
April 21st, 01:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ অন্যতম মহান আধ্যাত্মিক ব্যক্তিত্ব আদি শংকৰাচাৰ্য্যৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ অদ্বৈত বেদান্তৰ গভীৰ শিক্ষা, চিন্তা আৰু দৰ্শনে বিশ্বব্যাপী অসংখ্য লোকক পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে। আধ্যাত্মিক চিন্তাধাৰাক পুনৰুজ্জীৱিত কৰা আৰু সমগ্ৰ দেশতে আধ্যাত্মিক কেন্দ্ৰ স্থাপনৰ বাবে তেওঁৰ প্ৰচেষ্টা এক সুদূৰপ্ৰসাৰী অনুপ্ৰেৰণা হৈ আছে। তেওঁৰ জ্ঞানে আমাৰ পথ আলোকিত কৰি থাকক আৰু সত্য, সহানুভূতি তথা সামূহিক কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰক, শ্ৰী মোদীয়ে লগতে কয়।কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 15th, 11:10 am
পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী ক্ষেত্ৰ আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ ক্ষেত্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰৰ উন্মোচন আৰু উচ্চ স্তৰৰ সাধুসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ঐতিহাসিক জৱলা পীঠত সময় অতিবাহিত কৰা আৰু ভক্তসকলৰ বিশাল সমাগমক সম্বোধন কৰা কাৰ্যই তেওঁৰ মনত এনে এক শক্তিশালী আবেগ জগাই তোলে যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই ঐশ্বৰিক অভিজ্ঞতা মোৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব।গুজৰাটৰ গান্ধীনগৰত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 31st, 10:25 am
আচাৰ্য ভগৱন্তশ্ৰী পদ্মসাগৰ সুৰীশ্বৰ মহাৰাজ চাহেব, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী ভুপেন্দ্ৰ ভাই, উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘৱী জী, পৰম পূজ্য আচাৰ্য ভগৱন্ত, পূজ্য সাধু ভগৱন্ত, সাধুজী ভগৱন্তৰ লগতে এই পবিত্ৰ সভাত উপস্থিত সকলো আচাৰ্যগণ আৰু মুনি ভগৱন্ত, মাননীয় দানবীৰ, পণ্ডিত, পুৰুষ-মহিলাসকল!মহাবীৰ জয়ন্তী উপলক্ষে গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 31st, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবা তীৰ্থত ভগৱান মহাবীৰ জয়ন্তীৰ শুভক্ষণত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয়, জৈন ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয়, কোবা তীৰ্থ আধ্যাত্মিক শান্তিৰে পৰিপূৰ্ণ, বহু জৈন মুনি আৰু সাধুসকলৰ তপস্যাৰ প্ৰকাশ আৰু সৃষ্টি আৰু সেৱাৰ প্ৰাকৃতিক বিকাশৰ স্থান।বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
September 24th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত শোক প্ৰকাশ কৰে।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।