India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.A free, prosperous and rules-based Indo-Pacific is our shared priority: PM Modi at the India-Japan Joint Press Meet
July 02nd, 01:30 pm
At the India-Japan Joint Press Meet, PM Modi and Japanese PM Sanae Takaichi reaffirmed their commitment to deepen the India-Japan Special Strategic and Global Partnership. The leaders announced major initiatives across AI, defence, healthcare, economic security, clean energy, mobility, investment and people-to-people ties. PM Modi reaffirmed the shared vision of a strong and prosperous Japan and India's aspiration for a Viksit Bharat.ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত-ম্যানমাৰৰ যুটীয়া বিবৃতি
June 01st, 07:16 pm
প্ৰধানমন্ত্ৰীয়ে শান্তি, স্থিতিশীলতা, ৰাষ্ট্ৰীয় মিলন আৰু আৰ্থ-সামাজিক বিকাশৰ দিশত ম্যানমাৰ নেতৃত্বাধীন প্ৰচেষ্টাক সমৰ্থন আগবঢ়ায়। তেওঁ দুয়োখন দেশৰ মাজত পাৰস্পৰিক সন্মান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ত নিৰন্তৰ সহায় তথা সহযোগিতা আগবঢ়াই যোৱাৰ কথা প্ৰকাশ কৰে। এইক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰো শলাগ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে।ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 05:00 am
মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 17th, 12:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ভাষান্তৰ
May 11th, 06:15 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰতিষ্ঠাপক ন্যাসৰক্ষী মনসুখ ভাই মাণ্ডৱিয়া, চৰ্দাৰ ধামৰ সভাপতি গাগজি ভাই সুতাৰিয়া জী, দুষ্যন্ত ভাই পেটেল, পংকজ ভাই পেটেল, ৰাজ্যিক বিজেপি সভাপতি জগদীশ বিশ্বকৰ্মা জী, মঞ্চত উপস্থিত গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, সকলো দাতা, ন্যাসৰক্ষী, বিশিষ্ট অতিথি আৰু গুজৰাটৰ প্ৰতিটো প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল।গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 11th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।Cabinet approves revision in cost and investment in equity for HPCL Rajasthan Refinery Limited (HRRL), Pachpadra, District - Balotra, Rajasthan
April 08th, 04:21 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved the revision of HPCL Rajasthan Refinery Limited project cost from Rs.43,129 Crore to Rs.79,459 Crore and additional equity investment of Rs.8,962 Crore by Hindustan Petroleum Corporation Limited (HPCL). The project will lead to energy independence and reduce import dependence of petrochemical sector.ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 26th, 08:56 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ সমগ্ৰ বিষয় সামৰি লৈ বিস্তৃত আলোচনা কৰে। দুয়োখন দেশৰ মাজত গভীৰ আস্থা আৰু বন্ধুত্বক প্ৰতিফলিত কৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কক শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। এই বৈঠক ক্ৰমবৰ্ধমান অভিসৰণ আৰু নিৰাপদ তথা সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে দুয়োখন দেশৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum
December 16th, 12:24 pm
PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন
December 16th, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 17th, 11:09 pm
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 17th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।ভাৰত-ব্ৰিটেইন চিইঅ’ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণ
October 09th, 04:41 pm
বছৰ বছৰ ধৰি আপোনালোক সকলো ব্যৱসায়িক নেতাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে এই মঞ্চ ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আপোনাৰ মতামত শুনি মোৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হৈছে যে আমি স্বাভাৱিক অংশীদাৰ হিচাপে আৰু অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিম। আৰু ইয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা
August 29th, 08:12 pm
আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব
August 25th, 01:52 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।