ভাৰত- কোৰিয়া গণৰাজ্যৰ শক্তি সম্পদ সুৰক্ষা সম্পৰ্কীয় যুটীয়া বিবৃতি
April 20th, 10:56 pm
১) ভাৰত আৰু কোৰিয়া গণৰাজ্য এক মুক্ত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে বিশেষ কৌশলগত অংশীদাৰ হৈ ৰৈছে।Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।পশ্চিম এছিয়াৰ সংকটৰ উদীয়মান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতি পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
March 27th, 09:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে এখম বৈঠকত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা আৰু ভাৰতত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰস্তুতিৰ পুনৰীক্ষণ কৰে।পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ
March 24th, 02:05 pm
পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 24th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 10:47 pm
আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
March 12th, 08:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ
March 11th, 05:45 pm
আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে
March 11th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”গুজৰাটত মাইক্ৰন ছেমিকণ্ডাক্টৰ টেকন’লজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সুবিধা উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 28th, 02:45 pm
বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি ইয়াত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। এআই সন্মিলনে ভাৰতৰ এআই সম্ভাৱনাৰ সৈতে বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ বিপৰীতে আজি প্ৰযুক্তিৰ নেতৃত্বৰ বিষয়ত ভাৰতৰ দায়বদ্ধতাৰ আন এক প্ৰমাণ দাঙি ধৰিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সানন্দত মাইক্ৰন প্ৰযুক্তিৰ অৰ্ধপৰিবাহী সমাবেশ, পৰীক্ষা আৰু পেকেজিং (এটিএমপি) সুবিধা উদ্বোধন কৰে
February 28th, 02:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত মাইক্ৰন এ টি এম পি (এছেম্বলি, টেষ্ট, মাৰ্কিং, এণ্ড পেকেজিং) সুবিধা উদ্বোধন কৰে। বাণিজ্যিক উৎপাদন আৰম্ভ হোৱা এই উল্লেখনীয় অনুষ্ঠানটোৱে ভাৰতৰ বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ দিশত যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। “এআই শীৰ্ষ সন্মিলনে বিশ্বক ভাৰতৰ এআইৰ দক্ষতাৰ সৈতে পৰিচয় কৰাই দিলে, এয়া প্ৰযুক্তিৰ নেতৃত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।