খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

May 20th, 11:00 pm

ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।

ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 20th, 10:55 pm

প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।

বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 10th, 11:05 am

আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।

কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”

গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 13th, 05:30 pm

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে

March 13th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।

ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

February 25th, 08:20 pm

এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।

ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 25th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 14th, 11:00 am

আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

January 14th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।

নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত পিএম ধন ধান্য কৃষি যোজনাৰ শুভাৰম্ভণি আৰু প্ৰকল্পৰাজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 11th, 12:30 pm

মঞ্চত উপৱিষ্ট কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, প্ৰযুক্তিৰ জৰিয়তে অংশগ্ৰহণ কৰা ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়া, শ্ৰী ভগীৰথ চৌধাৰী ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন-আন বিশিষ্ট ব্যক্তি তথা দেশৰ ভিন্ন প্ৰান্তৰ মোৰ সকলো কৃষক ভাই-ভনী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫,৪৪০ কোটি টকা ব্যয় সাপেক্ষে কৃষি খণ্ডৰ দুই প্ৰধান আঁচনিৰ শুভাৰম্ভ কৰে

October 11th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।

ভাৰত গ্ৰামীণ মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 04th, 11:15 am

মঞ্চত বহি থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী জী, ইয়াত উপস্থিত নাবাৰ্ডৰ জ্যেষ্ঠ পৰিচালনা দলৰ সদস্যসকল, আত্মসহায়ক গোটৰ সদস্য, সমবায় বেংকৰ সদস্য, কৃষক উৎপাদন ইউনিয়ন এফ পি অ'ৰ সদস্যসকল, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল।

PM Modi inaugurates the Grameen Bharat Mahotsav 2025

January 04th, 10:59 am

PM Modi inaugurated Grameen Bharat Mahotsav in Delhi. He highlighted the launch of campaigns like the Swamitva Yojana, through which people in villages are receiving property papers. He remarked that over the past 10 years, several policies have been implemented to promote MSMEs and also mentioned the significant contribution of cooperatives in transforming the rural landscape.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে

September 06th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে

September 06th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।

বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 10th, 01:40 pm

গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে

February 10th, 01:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।

PM Modi campaigns in Madhya Pradesh’s Betul, Shajapur and Jhabua

November 14th, 11:30 am

Amidst the ongoing election campaigning in Madhya Pradesh, Prime Minister Modi’s rally spree continued as he addressed multiple public meetings in Betul, Shajapur and Jhabua today. PM Modi said, “In the past few days, I have traveled to every corner of the state. The affection and trust towards the BJP are unprecedented. Your enthusiasm and this spirit have decided in Madhya Pradesh – ‘Phir Ek Baar, Bhajpa Sarkar’. The people of Madhya Pradesh will come out of their homes on 17th November to create history.”

কৰ্ণাটকৰ য়াদগীৰ জিলাৰ কোড়েকলত এলানি উন্নয়নী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 19th, 12:11 pm

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলটজী, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ভগৱন্ত খুবাজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ সমবেত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল!