প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ

December 11th, 08:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

December 05th, 02:00 pm

আজি ২৩সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই মই আনন্দিত হৈছো। তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমাৰ দ্বিপাক্ষিক সম্পৰ্কই কেইবাটাও ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ঠিক ২৫ বছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। পোন্ধৰ বছৰৰ আগতে ২০১০ চনত আমাৰ অংশীদাৰিত্বক বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদালৈ উন্নীত কৰা হৈছিল।

PM Modi’s remarks during the joint press meet with Russian President Vladimir Putin

December 05th, 01:50 pm

PM Modi addressed the joint press meet with President Putin, highlighting the strong and time-tested India-Russia partnership. He said the relationship has remained steady like the Pole Star through global challenges. PM Modi announced new steps to boost economic cooperation, connectivity, energy security, cultural ties and people-to-people linkages. He reaffirmed India’s commitment to peace in Ukraine and emphasised the need for global unity in the fight against terrorism.

জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 02:18 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।

২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

November 09th, 09:59 am

দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 07:00 pm

মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 09:00 am

আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

October 26th, 02:20 pm

আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।

কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 26th, 02:06 pm

২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ইজিপ্তৰ বৈদেশিক মন্ত্ৰীৰ

October 17th, 04:22 pm

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ বদ্ৰ আব্দেলাট্টীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

October 14th, 01:15 pm

ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কানাডাৰ বৈদেশিক মন্ত্ৰীৰ

October 13th, 02:42 pm

কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী অনিতা আনন্দে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ভাৰত-ব্ৰিটেইন যুটীয়া বিবৃতি

October 09th, 03:24 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ৮-৯ অক্টোবৰ ২০২৫ চনত ভাৰত ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে ব্যৱসায় আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য ব’ৰ্ডৰ সভাপতি পিটাৰ কাইল সাংসদ, স্কটলেণ্ডৰ ৰাজ্যিক সচিব ডগলাছ আলেকজেণ্ডাৰ সাংসদ, বিনিয়োগ মন্ত্ৰী জেছন ষ্টকউড আৰু ১২৫ জন চিইঅ’, উদ্যোগী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সাংস্কৃতিক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে

September 19th, 02:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেলেনিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকোছ মিৎছ’টাকিছৰ পৰা এটি টেলিফোন কল লাভ কৰে।

১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 10th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।

ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

September 04th, 08:04 pm

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 04th, 12:45 pm

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

২৫ সংখ্যক এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 01st, 10:14 am

২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

August 31st, 11:00 am

আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।