ভাৰতত উপস্থিত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজ

February 18th, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে ১৮–১৯ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে। তেওঁ এআই ইমপেক্ট ছামিট ২০২৬ত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে।২০২৪ চনৰ ২৭–২৯ অক্টোবৰত দ্বিপাক্ষিক ভ্ৰমণ কৰাৰ পিছত পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ।তেওঁৰ সৈতে তেওঁৰ সৈতে ডিজিটেল ৰূপান্তৰ আৰু অসামৰিক সেৱা দপ্তৰৰ মন্ত্ৰী অস্কাৰ লোপেজ আগুয়েডা আৰু স্পেইনৰ কৃষি, মীন তথা খাদ্য মন্ত্ৰী লুইছ প্লেনাছ পুচাডেছেও আহিছে। ভাৰতত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰপতি ছানচেজে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি, জলবায়ু আৰু নবীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ আদান-প্ৰদানকে ধৰি নানান বিষয়ত ভাৰত–স্পেইনৰ মাজত থকা সম্পৰ্কৰ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। নেতাদ্বয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ ইতিবাচক গতিক আদৰণি জনায় আৰু ২০২৪ চনৰ অক্টোবৰ মাহত তেওঁলোকে যৌথভাৱে উদ্বোধন কৰা ভদোদৰা প্ৰকল্পত চি-২৯৫ পৰিবহণ বিমানৰ চূড়ান্ত সমাবেশ লাইনৰ বাবে টাটা–এয়াৰবাছৰ সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ত সন্তোষ প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষ্যে চলিত বছৰত উদযাপন কৰা ভাৰত–স্পেইনৰ সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ষটোত দ্বিপাক্ষিক প্ৰযুক্তি, উদ্ভাৱন, ব্যৱসায় আৰু জনসাধাৰণৰ সম্পৰ্কক অধিক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি ছানচেজে এআই ইমপেক্ট ছামিটৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে আৰু ইয়াৰ ফলাফলে বিশ্ব এআই শাসন প্ৰণালীক গঢ় দিয়াত অৰ্থপূৰ্ণ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাক এক পৰিৱৰ্তনশীল শক্তি হিচাপে স্বীকৃতি দি সৰ্বাংগীন উন্নয়ন তথা সমাজৰ লাভৰ বাবে ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ ভাৰত–স্পেইনৰ ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে ভাৰতৰ নতুন শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে ২০২৬ চনৰ ১৯–২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু স্পেইনৰ বিশ্ববিদ্যালয়ৰ ৰেক্টৰৰ সন্মিলনকো ​​আদৰণি জনায়।তেওঁলোকে দুয়োখন দেশৰ পৰ্যটনৰ ক্ষেত্ৰত অব্যাহত থকা আকৰ্ষণীয় বিকাশৰ কথা উল্লেখ কৰে । এনে বিকাশে দেশ দুখনত অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাইছে আৰু জনসাধাৰণৰ সম্পৰ্কক আগুৱাই লৈ গৈছে বুলি তেওঁলোকে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক বিশেষকৈ এছ টি ই এম আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিৰ অধীনত ভাৰতত চৌহদ মুকলি কৰিবলৈ আমন্ত্ৰণ জনায়।

স্পেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

February 18th, 01:48 pm

স্পেইনৰ ৰাষ্ট্ৰপতি মহামহিম পেড্ৰ’ ছানচেজে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰত-স্পেইনৰ যুটীয়া বিবৃতি’ (২৮-২৯ অক্টোবৰ, ২০২৪)

October 28th, 06:32 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰী পেদ্ৰো ছানচেজে ২৮-২৯ অক্টোবৰ, ২০২৪ তাৰিখে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতত থাকে। এয়া আছিল ৰাষ্ট্ৰপতি ছানচেজৰ প্ৰথমটো ভাৰত ভ্ৰমণ আৰু ১৮ বছৰৰ পিছত স্পেইন চৰকাৰৰ কোনো এগৰাকী ৰাষ্ট্ৰপতিৰো প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে পৰিবহন আৰু বহনক্ষম গতিশীলতা দপ্তৰৰ মন্ত্ৰী, উদ্যোগ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী আৰু এটা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-বৰ্গ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ দল উপস্থিত আছিল।

List of Outcomes: Visit of the President of the Government of Spain, H.E. Mr. Pedro Sanchez, to India (October 28-29, 2024)

October 28th, 06:30 pm

India and Spain have bolstered bilateral ties with initiatives spanning defence, rail transport, customs, and cultural exchange. Highlights include a new C295 aircraft assembly line plant in Vadodara, partnerships in rail and customs, a Cultural Exchange Programme until 2028 and designating 2026 as a culture-focused year. Consulates will open in Bengaluru and Barcelona, fostering investment and amp-audiovisual collaboration.

প্ৰধানমন্ত্ৰীয়ে ২৮ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব

October 26th, 03:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে যৌথভাৱে টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় ১১ বজাত তেওঁ ভদোদৰাৰ লক্ষ্মী বিলাস প্ৰাসাদলৈ যাব। ভদোদৰাৰ পৰা প্ৰধানমন্ত্ৰী আমৰেলীলৈ যাব য’ত দিনৰ প্ৰায় ২:৪৫ বজাত তেওঁ আমৰেলীৰ দুধালাত ভাৰত মাতা সৰোবৰ উদ্বোধন কৰিব। ইয়াৰ উপৰিও, বিয়লি প্ৰায় ৩ বজাত তেওঁ আমৰেলীৰ লাঠীত ৪৮০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

Prime Minister congratulates Pedro Sánchez for his re-election as Prime Minister of Spain

November 17th, 06:57 pm

The Prime Minister, Shri Narendra Modi has congratulated Pedro Sánchez for his re-election as Prime Minister of Spain.

জি-২০ সন্মিলনলৈ অহা নেতাসকলক আদৰণি প্ৰধানমন্ত্ৰীৰ

September 08th, 08:13 pm

২০২৩ৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে উপস্থিত হোৱা নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

February 15th, 08:57 pm

প্ৰদানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত পেড্ৰ’ ছানচেজৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে বিশ্ব-নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

December 05th, 11:54 am

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰোমত জি২০ শিখৰ সন্মিলনৰ পটভূমিত স্পেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

October 31st, 06:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ, ২০২১ত ৰোমত জি২০ শিখৰ সন্মিলনৰ পটভূমিত স্পেইনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী পেড্ৰো ছানচেজক সাক্ষাৎ কৰে।