প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা
July 11th, 08:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডৰ চৰকাৰী ভৱনত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে সাক্ষাৎ কৰে। চৰকাৰী ভৱনত উপস্থিত হোৱাৰ লগে লগে তেওঁক পৰম্পৰাগত মাউৰি পদ্ধতিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শান্তি, সন্মান আৰু আদৰণিৰ প্ৰতীক হিচাপে পৰম্পৰাগত মাওৰি ৰীতি-নীতি অন্তৰ্ভুক্ত আছিল। পৰম্পৰাগত আদৰণিৰ পাছত প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 09th, 11:15 am
আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া প্ৰেছ বিবৃতি
July 02nd, 01:30 pm
মাত্ৰ কেইদিনমান পূৰ্বে জি৭ সন্মিলনত মই কৈছিলো যে আজিৰ গোলকীয় অস্থিৰতাৰ পৰিৱেশত পাৰস্পৰিক বিশ্বাস হৈছে আমাৰ আটাইতকৈ ডাঙৰ কৌশলগত সম্পদ। মই গৌৰৱান্বিত যে ভাৰত-জাপানৰ অংশীদাৰিত্বই এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰিছে।মৰিচাছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 28th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য মাহেৰ ভিক্টোৰিয়াত ডাঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে সাক্ষাৎ কৰে। ছেচেলছৰ সোণালী জয়ন্তী ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত দুয়েগৰাকী নেতাই এক বৈঠকত মিলিত হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এয়া চতুৰ্থখন বৈঠকত মিলিত হয়।ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:04 am
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 17th, 12:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 07th, 02:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেজৰ অভিলাষা বৰাকক ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেজৰ বৰাকে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (UNIFIL) অধীনত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে সেৱা আগবঢ়াই আছে।ঋষি পতঞ্জলি আৰু যোগৰ গুণাগুণক সন্মান জনাই সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 04th, 09:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঋষি পতঞ্জলিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যোগৰ গভীৰ উপকাৰসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। যোগৰ নিয়মীয়া অনুশীলনে শৰীৰক সুস্থ আৰু মনক শান্ত কৰি ৰাখে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে যে যোগক দৈনন্দিন ৰুটিনৰ অংশ কৰিলে জীৱন সন্তুলিত আৰু উদ্যমী হয়।প্ৰকৃত জ্ঞানৰ ৰূপান্তৰকাৰী শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰকৃত জ্ঞানে ৰাষ্ট্ৰ, সমাজ আৰু সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ জ্ঞান আৰু কাৰ্য সমগ্ৰ মানৱ জাতিৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাটো গুৰুত্বপূৰ্ণ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মাৰ্কিন বিদেশ সচিবে
May 23rd, 04:20 pm
মাৰ্কিন বিদেশ সচিব মহামহিম মাৰ্কো ৰুবিঅ'ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
May 22nd, 09:31 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।আমাৰ মাতৃভূমিৰ পৱিত্ৰ ঐতিহ্যৰ ওপৰত আলোকপাত কৰি তথা সাৰ্বজনীন সমৃদ্ধিৰ বাবে প্ৰাৰ্থনাৰে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 21st, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে আমাৰ মাতৃভূমি হৈছে আধ্যাত্মিক অনুশীলন আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সাৰ্বজনীন কল্যাণৰ পৱিত্ৰ ভূমি। শ্ৰী মোদীয়ে এই বুলি আশা প্ৰকাশ যে মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।পৃথিৱী মাতৃয়ে এটা পৰিয়ালৰ সদস্য হিচাপে সকলো মানুহকে আঁকোৱালি লোৱাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 19th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে পৃথিৱী মাতৃয়ে সকলো মানুহকে এটা পৰিয়াল হিচাপে গণ্য কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ বাবে এই সমগ্ৰ পৃথিৱীখন এখন ঘৰৰ দৰে, য’ত প্ৰতিটো সংস্কৃতিৰ নিজ নিজ গুৰুত্ব আৰু সন্মান আছে।