ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ

June 28th, 08:30 pm

২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

প্ৰধানমন্ত্ৰীক ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ ৰাষ্ট্ৰপতিৰ সন্মানেৰে সন্মানিত

June 28th, 03:07 pm

এটা বিশেষ অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতিৰ সন্মান- ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ প্ৰদান কৰে ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক সেউজ নেতৃত্ব আৰু উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশত কৰা প্ৰচেষ্টা আৰু নীলা অৰ্থনীতি, জলবায়ু কাৰ্যসূচী, সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰসাৰৰ দিশত তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে এই বিশিষ্ট সন্মান প্ৰদান কৰা হৈছে।

ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 28th, 02:02 pm

তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।

ছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

June 27th, 03:30 pm

ছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে উষ্ম আদৰণি জনায়। ইয়াৰ উপৰিও পৰম্পৰাগত নৃত্য-গীতৰ বিশেষ সাংস্কৃতিক কাৰ্য়ক্ৰম উপস্থাপন কৰা হয়। এই ভ্ৰমণত ভাৰত-চিচেলছৰ ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক সম্পৰ্কত আলোকপাত কৰা হৈছে, য’ত বিভিন্ন খণ্ডৰ মাজত সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ নেতৃবৰ্গৰ সৈতে মিলিত হৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতা আৰু অধিক প্ৰসাৰৰ দিহা কৰিব।

ছিচেলছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি(২৭-২৯ জুন২০২৬)

June 27th, 08:25 am

মোৰ বন্ধু, ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মাননীয় ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণত, মই ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ২৭ ৰ পৰা ২৯ জুন,২০২৬ ছিচেলছলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিম।

ছিচেলছলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ (২৭-২৯ জুন, ২০২৬)

June 25th, 06:05 pm

ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণক্ৰমে ২০২৬ চনৰ ২৭ৰ পৰা ২৯ জুনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছ ভ্ৰমণ কৰি ভাৰতৰ ‘মহাসাগৰ’ দৃষ্টিভংগী আগুৱাই নিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস-ৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সৈতে এলানি আলোচনাত মিলিত হ’ব। তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয়সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।

বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী

February 09th, 03:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।

ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

February 09th, 01:00 pm

ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।

ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

October 12th, 09:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।