উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত নৱদ্বীপৰ ৰূপৰ পদক জয় - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা
September 08th, 08:33 am
সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ এফ৪১ ইভেণ্টত প্ৰতিভাৱান এথলীট নৱদ্বীপে ৰূপৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এথলীটগৰাকীক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়
September 08th, 08:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমান চলি থকা পেৰিছ পেৰালিম্পিকত মহিলাৰ ২০০ মিটাৰ টি১২ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়।পুৰুষৰ শ্বটপুটত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পেৰা এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনাইছেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 07th, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত পুৰুষৰ শ্বটপুট এফ৫৭ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনায়।‘হাই জাম্প’ত ‘স্বৰ্ণ পদক’ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এথলীট’ প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে
September 06th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ ‘হাই জাম্প টি-৬৪’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে খেলুৱৈ প্ৰবীণ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।পেৰা-অলিম্পিকত জুডোকা কপিল পাৰমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
September 05th, 10:26 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন
September 05th, 08:05 am
খেলুৱৈ প্ৰণৱ সূৰমাৰ অধ্যৱসায় আৰু দৃঢ়তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষ ৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জ্ঞাপন
September 05th, 07:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আজি খেলুৱৈ ধৰমবীৰক অভিনন্দন জ্ঞাপন কৰে।ভাৰতীয় পেৰা অলিম্পিক দলে এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে
September 04th, 04:33 pm
ভাৰতীয় পেৰা অলিম্পিক দলে আমাৰ দেশৰ বাবে পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰশংসাৰে প্ৰতিগৰাকী খেলুৱৈকে তেওঁলোকৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ শ্বটপুট ইভেন্টত ৰূপৰ পদক লাভ কৰা শচীন খিলাৰীক অভিনন্দন জনাইছে
September 04th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক, ২০২৪-ত পুৰুষৰ শ্বটপুট এফ৪৬ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে শচীন খিলাৰীক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক জয় কৰা শাৰদ কুমাৰক অভিনন্দন জনাইছে
September 04th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক অৰ্জন কৰা শাৰদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জনাইছে
September 04th, 10:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে
September 04th, 10:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অজিত সিঙক অভিনন্দন জ্ঞাপন কৰে। পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ইভেণ্টত অজিত সিঙে ৰূপৰ পদক জিকিছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০প্ৰতিযোগিতাত ব্ৰঞ্জ জয় কৰা দীপ্তি জীৱনজীক অভিনন্দন জনায়
September 04th, 06:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ দীপ্তি জীৱনজীক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে
September 03rd, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত জেভেলিন ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে সুমিত এণ্টিলক অভিনন্দন জনাইছে
September 03rd, 12:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভেলিন এফ-৬৪ ইভেণ্টত সোণৰ পদক অৰ্জন কৰাৰ বাবে আজি এথলীট সুমিত এণ্টিলক অভিনন্দন জ্ঞাপন কৰে।Paralympics 2024: PM Modi congratulates Sheetal Devi , Rakesh Kumar on winning Bronze Medal
September 02nd, 11:40 pm
The Prime Minister Shri Narendra Modi today hailed the team spirit demonstrated by athletes Sheetal Devi and Rakesh Kumar by winning a Bronze medal in the Mixed Team Compound Open Archery at the ongoing Paris Paralympics.‘পেৰিছ পেৰালিম্পিক’ত ‘ৰূপৰ পদক’ জয় কৰাৰ বাবে ‘বেডমিণ্টন খেলুৱৈ’ সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 11:35 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত পুৰুষৰ একক ‘এছ এল ৪ বেডমিণ্টন প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে।