কিংবদন্তী গায়ক পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
February 26th, 07:08 pm
কিংবদন্তি গায়ক পংকজ উধাছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। পংকজ উধাছৰ সৈতে হোৱা বিভিন্ন বাৰ্তালাপৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে পংকজ উধাছ জী ভাৰতীয় সংগীতৰ এক আলোকস্তম্ভ আছিল, যাৰ সুৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সকলোকে মোহিত কৰি আহিছে। তেওঁৰ প্ৰস্থানে সংগীত জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে, যিটো কেতিয়াও পূৰণ কৰিব পৰা নাযাব, শ্ৰী মোদীয়ে লগতে কয়।