১৭ জুলাইত প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ
July 15th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুলাইত হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দ ৰে’ল ষ্টেচনত জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব। প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমৱেত ৰাইজকো সম্বোধন কৰিব।হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 09th, 05:54 pm
হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে
December 09th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।৯ ডিচেম্বৰত ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 08th, 09:46 am
অহা ৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। তেওঁৰ প্ৰথম ভ্ৰমণৰ স্থান জয়পুৰ হ’ব, য’ত প্ৰায় ১০:৩০ বজাত তেওঁ জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ (জেইচিচি)ত ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে পানীপটলৈ যাত্ৰা কৰিব, য’ত প্ৰায় ২:০০ বজাত তেওঁ এল আই চিৰ বীমা সখী যোজনা শুভাৰম্ভ কৰিব আৰু মহাৰানা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰিব।